অৱশেষত ট্ৰেডিং কেলেংকাৰীত নাম সাঙোৰ খোৱা চুমি বৰা আৰু তাৰ্কিক বৰা STFৰ জালত পৰিল। DIG পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত ডিব্ৰুগড়ত গ্রেপ্তাৰ কৰা হয় চুমি-তাৰ্কিকক। এই তথ্য সামাজিক মাধ্যমযোগে অভিযুক্তৰ এখন ফটোৰ সৈতে প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। ইতিমধ্যে চুমি বৰাক ডিব্ৰুগড় মহিলা আৰক্ষী চকীলৈ প্ৰেৰণ কৰা লগতে তাৰ্কিক বৰাক ডিব্ৰুগড় সদৰ থানাত ৰখা হৈছে। দুয়োকে পৃথকে পৃথকে জেৰা চলোৱা হব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, অনলাইন ট্ৰেডিং কেলেংকাৰীত বিশাল ফুকনৰ পাছতে নাম সাঙোৰ খাইছিল চুমি-তাৰ্কিকৰ। বিশালৰ গ্ৰেপ্তাৰৰ পাছতে ১০ দিনে স্বামীসহ আত্মগোপন কৰি আছিল চুমি বৰা। বুধবাৰে ভিডিঅ’ প্ৰস্তুত কৰি সামাজিক মাধ্যমত আত্মসমৰ্পণ কৰিব বুলি নিজ মুখে জনাইছিল চুমিয়ে। আত্মসমৰ্পণ কৰিব বুলি চৰ্চা চলা লগে লগে তৎপৰ হৈ পৰিছিল আৰক্ষীৰ লগতে সংবাদ মাধ্যম ৷ ইয়াৰ পাছতে নিশা ডিব্ৰুগড়লৈ আত্মসমৰ্পণৰ বাবে গৈ থকা অৱস্থাত বাহনসহ STFৰ দলৰ জালত পৰে চুমি-তাৰ্কিক ৷