আজি কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰ্ন্তজাতিক মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি পৃথিৱীৰ ভাষিক বৈচিত্ৰ্য, সংকট আৰু সংৰক্ষণ শীৰ্ষক এখন সভা অনুষ্ঠিত হৈ যায়। তুলিকা গগৈৰ কণ্ঠৰ বৰগীতেৰে শুভাৰম্ভ কৰা সভাখন উদ্বোধন কৰে ড০ মহেশ্বৰ কলিতাই।
সভাৰ উদ্বোধন কৰি তেওঁ মাতৃভাষাৰ গুৰুত্ব আৰু সংস্কৃতিৰ লগত ইয়াৰ সম্পৰ্ক ব্যাখ্যা কৰে। সভাৰ মুখ্য বক্তা ড০ নুৰ ইছলাম শইকীয়াই পৃথিৱীৰ ভাষিক বৈচিত্ৰ্যৰ বাখ্যাৰে অসমৰ ভাষিক প্ৰেক্ষাপটৰ বিভিন্ন দৃষ্টিকোণ দাঙি ধৰে। ড০ শইকীয়াই ভাষাৰ বিপন্নতাৰ প্ৰসংগত ভাষিক হত্যাকাণ্ড আৰু ভাষিক আত্মহত্যাৰ কথা উল্লেখ কৰি অসমীয়া ভাষা বৰ্তমানেও সুৰক্ষিত বুলি কয়। লগতে তেওঁ আমাৰ ভাষাৰ প্ৰতি থাকিবলগা দায়বদ্ধতাৰ কথা কৈ ভাষিক গোষ্ঠীয়ে ভাষাক লৈ গৌৰৱ কৰিব লাগিব বুলিও উল্লেখ কৰে। ড০ দীপাঞ্জলী দাস গোস্বামীয়ে সঞ্চালনা কৰা সভাখনত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলো উপস্থিত আছিল।