উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ আৰু অসম জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰই এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷
জৰীপ আৰু দুৰ্যোগ প্ৰশমন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত ১ ফেব্ৰুৱাৰীত স্বাক্ষৰিত কৰে এই চুক্তি ৷
অনুষ্ঠানত উপস্থিত থাকে এ এচ এচ টি চি ৰ অধ্যক্ষ পাৰ্থ চক্ৰৱৰ্তী ৷
অসম জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰ দেশৰ এক অন্যতম আগশাৰীৰ প্ৰশিক্ষণ কেন্দ্ৰ ৷
১৮৮২ চনতেই গুৱাহাটীৰ লখৰাত স্থাপন কৰা হৈছিল এ এচ এচ টি চি ৷
চুক্তি স্বাক্ষৰৰ পিছত এই প্ৰশিক্ষণ কেন্দ্ৰত উপলব্ধ হ’ব আধুনিক সা-সুবিধা, যাৰ জৰিয়তে শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব উন্নত প্ৰশিক্ষণ ৷
উল্লেখ্য,যুৱপ্ৰজন্মৰ সংস্থাপনৰ সুবিধা হোৱাকৈ অসম জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰই অলপতে মুকলি কৰিব তিনিটা নতুন চাৰ্টিফিকেট পাঠ্যক্ৰম আৰু এটা ডিপ্ল’মা পাঠ্যক্ৰম ৷
এ এচ এচ টি চি ৰ অধ্যক্ষ পাৰ্থ চক্ৰৱৰ্তীয়ে জানিবলৈ দিছে এই কথা ৷