‘এইবাৰৰ নিৰ্বাচনত দিছপুৰত কংগ্ৰেছেই চৰকাৰ গঠন কৰিব।
বিজেপিতকৈ এখন হ’লেও বেছি আসন পাব কংগ্ৰেছ।’- ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য প্ৰদান কৰে সাংসদ গৌৰৱ গগৈয়ে।
নতুনকৈ গঠন হোৱা আঞ্চলিক দল ‘অসম জাতীয় পৰিষদ’ আৰু ‘ৰাইজৰ দলে’ সহযোগ দিব কংগ্ৰেছক।
২০২১ৰ নিৰ্বাচনত সকলো একগোট হ’ব। বিৰুদ্ধে থাকিব কেৱল বিজেপি।
অসমৰ ৰাইজে দ্বিতীবাৰলৈ নিবিচাৰে বিজেপিৰ চৰকাৰ।
আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যথেষ্ট আত্মবিশ্বাসী দেখা গ’ল অসমৰ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা সাসংদ গৌৰৱ গগৈক।
‘এইবাৰ চৰকাৰ কংগ্ৰেছৰে হ’ব। মুখ্যমন্ত্ৰী হ’ব কংগ্ৰেছৰেই। বিজেপিৰ সকলো মুখা খোল খাইছে।’- এই মন্তব্য সাংসদগৰাকীৰ।
সংবাদমেল শেষ হোৱাৰ পিছত গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা গণেশগুৰিলৈ অটো’ৰে যাত্ৰা কৰে গৌৰৱ গগৈয়।
গৌৰৱ গগৈয়ে অটো’চালকসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত বহিব বুলিও জনায়।
Photo: Headline8