নিউজ ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক সভা চলি থকাৰ মাজতে জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে দিলে ধমক ৷
উল্লেখযোগ্য যে কংগ্ৰেছৰ ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ লোৱাৰ কথা আছিল পি চিদাম্বৰমে।
কিন্তু বাৰে বাৰে ফোন কৰি থকাৰ পিছতো চিদাম্বৰমৰ ফোন ধৰা নাছিল প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই।
অৱশেষত যেতিয়া পি চিদাম্বৰম অনলাইন যোগে সংযুক্ত হয়,
তেতিয়া উদ্বোধনী ভাষণ প্ৰদানৰ পূৰ্বে সভাপতি ৰিপুণ বৰাক ধমক দি ক’লে যে কোনোবা এজনে ফোন ধৰা.. মিষ্টাৰ বৰা, কিয় ফোন ধৰা নাই ?
কোনোৱা এজনেটো ফোন ধৰিব লাগে।
ফোন ধৰা নাই, ইমান দায়িত্বহীন কি কাৰণে ? যদি আপুনি ফোন ধৰিব নোৱাৰে, অন্য কাৰোবাক ক’ব লাগে ফোন ধৰিবলৈ।’