নিউজ ডেস্কঃ এপিএছচি কেলেংকাৰীৰ অন্যতম অভিযুক্ত ডাঃ মৃগেন শইকীয়া গ্রেপ্তাৰ হোৱাৰ পথ ইতিমধ্যে প্রশস্ত হৈ উঠিছে ৷ কেলেংকাৰীৰ তদন্তৰ ক্ষেত্রত ৰাজসাক্ষী হ’বলৈ বিচাৰি ডাঃ মৃগেন শইকীয়াই কৰা আৱেদন আজি খাৰিজ কৰে বিশেষ আদালতে ৷ উল্লেখ্য, সম্প্রতি আগতীয়া জামিনত আছে ডাঃ শইকীয়া ৷ অহা ৮ জানুৱাৰীত তেওঁৰ জামিনৰ ম্যাদ শেষ হ’ব৷ যদিহে গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ জামিনৰ ম্যাদ বৃদ্ধি নকৰে, তেনেহ’লে তেওঁক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব পাৰিব৷ ইতিমধ্যে ডাঃ শইকীয়াই কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জবানবন্দী প্রদান কৰিছে৷ উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীত ৰাকেশ পালৰ পূর্বৰ পৰাই ডাঃ মৃগেন শইকীয়া জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷
উল্লেখযোগ্য যে আয়োগৰ কেলেংকাৰীত ৰাকেশ পাল গ্রেপ্তাৰ হোৱাৰ পিছৰে পৰা ডাঃ শইকীয়া পলাতক হৈ আছিল ৷