হেডলাইন৮ বিশেষঃ ৪৭ বছৰ নিজ হাতে দুৰ্গা মূৰ্ত্তি সজা “মন্টু পাল”ৰ মনত দুখ। এইবাৰ কোনেও বনাব দিয়া নাই দুৰ্গা গোঁসানীৰ প্ৰতিমা।
বজালীত মৃৎ শিল্পী সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।ভোকে-লঘোণে দিন কটাবলগীয়া হৈছে শিল্পী সকলে৷
এই পৰিপ্ৰেক্ষিতত মৃৎ শিল্পী সকলৰ বাবে চৰকাৰী আৰ্থিক সাহায্য ঘোষণাৰ দাবী কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷
বজালী জিলাৰ পাঠশালাৰ এগৰাকী প্ৰবীণ মৃৎ শিল্পী মন্টু পালে আজি ৪৭ বছৰৰ ধৰি কেবাখনো পূজাৰ বাবে নিজ হাতে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি আহিছিল। কিন্তু জীৱনত প্ৰথম বাৰৰ বাবে এনেকুৱা হৈছে যে এইবেলি দুৰ্গা গোঁসানীৰ প্ৰতিমা তেওঁ বনাব নালাগিব। এই কথাই মন সেমেকাই তুলিছে মন্টু পালৰ। আজিলৈ এখনো দুৰ্গা প্ৰতিমাৰ “অৰ্ডাৰ” তেওঁৰ তলৈ অহা নাই। ব্যক্তিগত দুই এখন পূজাৰ প্ৰতিমা নিৰ্মাণৰ আগতীয়া অনুমতি পাইছিল যদিও তেওঁলোকেও এতিয়া প্ৰতিমা নালাগে বুলি কৈছে। এই কথাই হতাশ কৰাই নহয় মন্টু পালৰ দৰে মৃৎ শিল্পীসকলৰ জীৱন -জীৱিকাৰো প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ।এইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি মৃদুল তালুকদাৰে শিল্পী সকলৰ বাৱে চৰকাৰক আৰ্থিক সাহায্যৰ বাবে আহ্বান জনাইছে।