অৱশেষত ৰাজ্যিক নিৰ্বাচন আয়োগে সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিলে ৰাজ্যৰ ৮০খন পৌৰসভা নিৰ্বাচনৰ দিন। ৬ মাৰ্চত হ’ব অনুষ্ঠিত হ’ব পৌৰসভাৰ নিৰ্বাচন আৰু ভোট গণনা হ’ব ৯ মাৰ্চত। আনহাতে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৫ ফেব্রুৱাৰী আৰু মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে ২০ ফেব্রুৱাৰী।
ইতিমধ্যে, নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ বাবে বিভিন্ন ধৰণৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচনী আয়োগে। তাৰ ভিত্তিত নিৰ্বাচনী প্রচাৰত ৰ’ড শ্ব’ আৰু ৰেলী নিষিদ্ধ কৰিছে আয়োগে। ঘৰে-ঘৰে গৈ নিৰ্বাচনী প্রচাৰ চলাব পাৰিব প্ৰাৰ্থীয়ে।
কেৱল ১৫জন ব্যক্তিহে যাব পাৰিব নিৰ্বাচনী প্রচাৰত। অন্যহাতে আজিৰে পৰা নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈছে।
পৌৰসভা নিৰ্বাচনত M2 EVM ব্যৱহাৰ হ’ব। অন্যহাতে শিলচৰ নহয় পৌৰনিগমৰ নিৰ্বাচন ।
উল্লেখ্য যে, কেইদিনমান পূৰ্বেই গুৱাহাটীৰ ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰি ৬০ টা কৰা হয়। লগতে এতিয়াৰে পৰা এৰিয়া সভাৰ সদস্য নাথাকিব, কেৱল কাউঞ্চিলৰ থাকিব।