নিউজ ডেস্কঃ অবড়ো ৰাইজৰ সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰিব কেৱল গণ সুৰক্ষা পাৰ্টীয়ে ।বি টি চিত এইবাৰ ৰাইজৰ নিৰ্বাচন । আৰুএই নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টি , অবড়ো সুৰক্ষা সমিতি আৰু সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী সকলোৰ বিজয় নিশ্চিত । এই দাবী সাংসদ নৱ শৰণীয়াৰ । আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত সাংসদ গৰাকীয়ে কয় যে বিটিচিত গণ সুৰক্ষা পাৰ্টিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলে তেওঁ ৰাজনীতিৰ পৰাই সন্যাস লব ।নিৰ্বাচনত পৰাজিত হ’লে তেও দায়িত্ব ল’ব
সংবাদমেলত তেওঁ আৰু কয় যে – ইউ পি পি এলৰ স্থিতি বহু তললৈ নামিছে। বি পি এফৰো অৱস্থা বেয়া।কংগ্ৰেছ- ইউ ডি এফৰ মিত্ৰতাই ক্ষতি কৰিব সংখ্যালঘু লোকৰ।বিজেপিৰ সাংগঠনিক ভেটিয়ে নাই বিটিএডিত। গতিকে বিটিএডিত গণ সুৰক্ষা পাৰ্টিয়ে পৰিষদ গঠন কৰাটো নিশ্চিত ।