ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু অসম চৰকাৰৰ এক্ট ইষ্ট ইষ্ট পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হোৱা NADI, Asian Confluence River Conclave-2022 কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে। গুৱাহাটীৰ পঞ্চতাৰকা যুক্ত হোটেল ৰেডিচন ব্লুত অনুষ্ঠিত হোৱা এই আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ সভাখনত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্ৰী এছ জয়শংকৰ উপস্থিত আছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধনী ভাষণ আগবঢ়োৱা এই অনুষ্ঠানত কেইবাখনো এছিয়ান দেশৰ নেতাই অংশগ্ৰহণ কৰিছে। বাংলাদেশ, ইণ্ডোনেছিয়া, কম্বোদিয়া, ম্যানমাৰ, চিংগাপুৰ, থাইলেণ্ডকে ধৰি কেইবাখনো দেশৰ বৈদেশিক সচিব, উপ-প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী আদিয়ে অংশগ্ৰহণ কৰিছে।
Honour for us as Hon EAM Shri @DrSJaishankar inaugurated 3rd edition of NADI – Natural Allies in Development & Interdependence conclave in Guwahati. NADI is designed to articulate & activate a collective vision of sub-regional cooperation in Bay of Bengal region. pic.twitter.com/p070IEcwiv
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 28, 2022
এইসকল নেতাৰ উপৰিও অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত বহু বিশেষজ্ঞই অংশগ্ৰহণ কৰিব। ইতিমধ্যে ৰাষ্ট্ৰনেতাসকলৰ লগতে এই বিশেষজ্ঞসকলো আহি গুৱাহাটীত উপস্থিত হৈ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।