গুৱাহাটীঃ কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে আগন্তুক বকৰী-ঈদ উপলক্ষে ৩০ জুলাইত এক জাননী জাৰি কৰি নামাজৰ সময়ত মছজিদ আৰু ঈদগাহত কেৱল পাঁচজনহে লোক উপস্থিত থাকিব পাৰিব বুলি জনায়৷
নামাজত উপস্থিত থকা পাঁচজন ব্যক্তিয়ে ক’ভিড-১৯ৰ প্ৰ’ট’কল পালন কৰিব লাগিব৷ তেওঁলোকে নামাজৰ সময়ত সামাজিক ব্যৱধানৰ নীতি পালন কৰিব লাগিব৷ তাৰোপৰি মাস্ক পৰিধান কৰাৰ লগতে নামাজৰ পূৰ্বে ছেনিটাইজেছনৰ নীতি পালন কৰিবলৈও চৰকাৰে অনুৰোধ জনাইছে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট