নাৰায়ণ হেল্থ চিটি বেংগালুৰুৰ উদ্যোগত শনিবাৰে গুৱাহাটীত প্ৰধানতঃ
মৃগী ৰোগ আৰু পাৰ্কিনছঞ্চ ৰোগ সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত এখন কৰ্মশালা তথা সংবাদমেল অনুষ্ঠিত হয়।
এই সন্মিলনত চিকিৎসালয়খনৰ একাধিক প্ৰখ্যাত শল্য চিকিৎসক আৰু চিকিসকে মৃগী ৰোগ আৰু পাৰ্কিনছঞ্চ ৰোগৰ লক্ষণ, কাৰণ, পৰ্যায় আৰু ৰোগ নিৰ্ণয় সম্পৰ্কে উপস্থিত সাংবাদিক আৰু ৰোগীসকলক অৱগত কৰে।
অসমৰ বিভিন্ন জিলাৰ পৰা অহা কিছুসংখ্যক ৰোগীও এই অনুষ্ঠানত উপস্থিত থাকে।
এই ৰোগ সন্দৰ্ভত মৃগীৰোগ আৰু Functional Neurosurgery বিশেষজ্ঞ ডাঃ সুমণা বি পালেগাৰে কয় যে,
“স্নায়ৱিক ৰোগে আমাৰ জীৱনযাত্ৰাৰ মানক ব্যাপকভাৱে প্ৰভাৱিত কৰিব পাৰে।
বিশেষকৈ মৃগীৰোগ আৰু পাৰ্কিনছঞ্চ ৰোগৰ দৰে ৰোগে আমাৰ জীৱনক তিল তিল কৰি মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে।
মৃগীৰোগে যে কোনো কোনো এক বয়সৰ লোককে প্ৰভাৱিত কৰিব পাৰে তেনে নহয়,
ই যিকোনো বয়সৰ বা যিকোনো শাৰীৰিক আয়তনৰ লোককে প্ৰভাৱিত কৰিব পাৰে।
প্ৰাথমিক ৰোগ নিৰ্ণয়, দ্ৰুত তথা নিয়মিত চিকিৎসা আৰু ৰোগীসকলৰ মাজত সজাগতা সৃষ্টিৰে আৰু ৰোগীৰ অস্ত্ৰোপচাৰেৰে এই ৰোগ নিৰাময় কৰিব পৰা যায় আৰু তেওঁলোকে প্ৰায় স্বাভাৱিক জীৱন যাপন কৰিব পাৰে।
পাৰ্কিনছঞ্চ ৰোগে সাধাৰণতে বয়োজ্যেষ্ঠ লোকসকলৰ ওপৰত প্ৰভাৱ পেলায়; অৱশ্যে কোনো কোনো ক্ষেত্ৰত কম বয়সীয়া ৰোগীৰ ওপৰতো ই প্ৰভাৱ পেলাব পাৰে।
ঔষধ ব্যৱহাৰ কৰিও অৱশ্যে কোনো কোনো সময়ত ইয়াৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰিব পাৰি।
কিছু ৰোগীৰ মাজত মস্তিষ্ক উদ্দীপক ছাৰ্জাৰীৰ দ্বাৰাও এই ৰোগৰ পৰা উপশম পাব পাৰি আৰু জীৱনযাত্ৰাৰ মান উন্নত কৰিব পৰা যায়।
Photo: Headline8