নিউজ ডেস্ক, গুৱাহাটী ৩১ ডিচেম্বৰ ২০২০ঃ গুৱাহাটীৰ নাৰায়ণা হেল্থে গেষ্ট্ৰ’ইণ্টেষ্টিনেল আৰু হেপাট-পেনক্ৰিয়াটিক-বাইলেৰি টিউমাৰ ব’ৰ্ড মুকলি কৰিছে৷ ইয়াৰ দ্বাৰা গেষ্ট্ৰ’ইণ্টেষ্টিনেল কৰ্কটৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে৷ এই ব’ৰ্ডখনত সংশ্লিষ্ট বিভাগৰ বিশেষজ্ঞসকলক অন্তৰ্ভুক্ত কৰা হৈছে৷ নাৰায়ণা হেল্থৰ সমগ্ৰ দেশৰ ভিতৰতেই সৰ্ববৃহৎ অংকল’জী কলেজিয়ম আছে৷
চিকিৎসালয়খনত সকলো ধৰণৰ গুৰুত্বপূৰ্ণ শল্য চিকিৎসা যেনে এছ’ফেগেক্ট’মী, গেষ্ট্ৰেক্ট’মী, কলেক্ট’মী, হুইপল পদ্ধতি, যকৃত বিভাজন, গল ব্লাডাৰৰ কৰ্কট বিভাজন ইত্যাদি অতিশয় সুন্দৰ ফলাফলৰ সৈতে নিয়মীয়াকৈ সম্পন্ন কৰা হয়৷ গেষ্ট্ৰ’এণ্টাৰ’ ল’জীৰ প্ৰক্ৰিয়াসমূহ যেনে এণ্ড’স্ক’পি, ইআৰচিপি, পিটিবিডিসমূহো নিয়মীয়াকৈ সম্পন্ন কৰা হয়৷
এই সন্দৰ্ভত গুৱাহাটীৰ নাৰায়ণা ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ অংকল’জী বিভাগৰ মুৰব্বী ডাঃ নৰেশ যাদৱে, এমডি, ডিএম (অংকল’জী, জেআইপিএমইআৰ) এইদৰে কয়, ‘‘চিকিৎসাসাধ্য জিআই কৰ্কটৰ ক্ষেত্ৰত শল্য চিকিৎসাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ গুৱাহাটীৰ নাৰায়ণা হেল্থত ডাঃ দিগ্বীজয় শৰ্মাৰ, এমএছ, ডিএনবি (জিআই ছাৰ্জাৰী, এনআইএমএছ, হায়দৰাবাদ) নেতৃত্বত এক উৎকৃষ্ট ছাৰ্জিকেল দল আছে৷’’
চিকিৎসালয়খনৰ উৎসৰ্গিত মেডিকেল অংকল’জী বিভাগে কেম’থেৰাপী, টাৰ্গেটেড থেৰাপি আৰু ইমিউন’থেৰাপীৰ দৰে সেৱাসমূহ আন্তৰ্জাতিক নিৰ্দেশনাৱলী আৰু প্ৰটক’ল অনুসৰি প্ৰদান কৰে৷ ইয়াত ৰোগীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জটিল কেম’থেৰাপীৰ প্ৰট’ক’লসমূহ অতিশয় দক্ষতাৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয়৷
নাৰায়ণা হাস্পতালে দেশৰ দৰিদ্ৰ জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন চৰকাৰী স্বাস্থ্য আঁচনিসমূহৰ দ্বাৰা বিনামূলীয়া সেৱাও আগবঢ়ায়৷
গেষ্ট্ৰ’ইণ্টেষ্টিনেল কৰ্কটত যকৃত, গল ব্লাডাৰ, বাইলেৰী ট্ৰেক্ট আৰু অগ্নাশয়ো প্ৰভাৱিত হয়৷ অধিকাংশ জিআই আৰু এইচপিবি বিসংগতিৰ বাবে ধঁপাত, মদ আৰু তামোলেই দায়ী৷ শৰীৰৰ নিম্নাংশৰ জিআই (মলাশয়, মলদ্বাৰ)ৰ বিসংগতিৰ বাবে মেদবহুলতা, অত্যাধিক পৰিমাণ ৰেড মীট ভক্ষণ, খাদ্যত ফাইবাৰ আৰু শাক-পাচলিৰ অভাৱেও বহুলাংশে দায়ী৷