‘কেমব্ৰীজ এনাৰ্জী ৰিচাৰ্ছ এছ’চিয়েটৰ ৱীক’ ৰ তৰফৰ পৰা ‘গ্ল’বেল এনাৰ্জি এণ্ড এনভাইৰ’মেণ্ট লীডাৰশ্বীপ এৱাৰ্ডে’ৰে সন্মানিত কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷
শুকুৰবাৰে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে এই সন্মান গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে ৷
বিশ্বৰ শক্তি আৰু পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত দায়বদ্ধ নেতৃত্ব প্ৰদান কৰা লোকক ২০১৬ চনৰ পৰা এই পুৰস্কাৰ প্ৰদান কৰি অহা হৈছে ৷
উক্ত অনুষ্ঠানত ৰন্ধন গেছৰ প্ৰয়োজনীয়তা সম্পৰ্কে প্ৰকাশ কৰি বৰ্তমান ৯৯.৬ শতাংশ মানুহে এই সুবিধা লাভ কৰাৰ কথা উল্লেখ কৰে মোদীয়ে ৷
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ৷
Heartiest congratulations to PM Shri @narendramodi Ji on being conferred with CERAWeek Global Energy and Environment Leadership Award.
Thanks to your visionary leadership, India is a shining example for other nations towards realising the sustainable development goals. pic.twitter.com/VlUyqG2c8k
— Sarbananda Sonowal (@sarbanandsonwal) March 5, 2021
লগতে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ভাৰতক সবল নেতৃত্ব প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে সোণোৱালে ৷
photo: google