এফালে কংগ্ৰেছৰ অসম বচাও অভিযান, আনফালে বিজেপিৰ পৰিয়াল সম্পৰ্ক অভিযান ৷
নিৰ্বাচনৰ প্ৰাকমুহুৰ্ত্তত অসমৰ মৌলিক সমস্যাসমূহক লৈ উদ্বিগ্ন প্ৰতিটো ৰাজনৈতিক দল তথা প্ৰতিগৰাকী নেতা ৷
ঘৰে ঘৰে আহি অসমৰ সমস্যাৰ বুজ লৈছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৷
ৰাইজৰ সমস্যা আৰু দুখ-দুদৰ্শাৰ বুজ ল’বলৈ প্ৰতিঘৰ ব্যক্তিৰ দুৱাৰদলিত উপস্থিত হৈছেগৈ বিজেপিৰ নেতৃত্ব ৷
ক্ষমতাৰ আশাতেই হওক বা হেৰুৱাৰ ভয়তেই হওক এতিয়া তৎপৰ হৈ পৰিছে সমস্যা সমাধানৰ যুঁজত ৷
মঙলবাৰে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী আৰু ৰিয়ান পৰাগৰ বাসগৃহত উপস্থিত হল কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ ৷
কুইন ওজা আৰু মৃগেন শৰণীয়াক লগত লৈ আলোচনা কৰিলে অসমৰ সমস্যাসমূহৰ বিষয়ে ৷
বানপানী, গৰাখহনীয়া ধৰি বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিলে নৰেন্দ্ৰ সিং টোমৰে ৷
অসমত কৃষি খণ্ডৰ উন্নয়নৰ বাবেও বিভিন্ন ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিলে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে ৷
অসমৰ প্ৰেক্ষাপটত কৃষি খণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰিছে নৰেন্দ্ৰ সিং টোমৰে ৷
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰা ৰাজনৈতিক দলসমূহৰ কাউণ্টডাউন ইতিমধ্যেই আৰম্ভ হৈছে ৷
এতিয়া জনসাধাৰণৰ ৰায়লৈ অপেক্ষা কৰিব লাগিব সকলোৱে ৷
photo: google