‘আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষে ২৪ জানুৱাৰীত এক ৱেবিনাৰৰ মাধ্যমত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক প্রতাপ জ্যোতি সন্দিকৈয়ে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপনৰ গুৰুত্ব সম্পৰ্কে বিস্তৃত আলোচনা কৰি কয় যে, কন্যা শিশুৰ প্রতি শ্রদ্ধা প্রথমে ঘৰৰ পৰাই আৰম্ভ কৰা উচিত আৰু এনএছ এছ স্বেচ্ছাসেৱকে মানুহৰ মাজলৈ এই বাৰ্তা প্ৰেৰণ কৰিবলৈ আহ্বান জনায়। উত্তৰ পূব এন এছ এছৰ আঞ্চলিক সঞ্চালক দীপক কুমাৰে কাৰ্য্যসূচী বিষয়া আৰু স্বেচ্ছাসেবক সকলক কন্যা শিশুৰ উন্নতি আৰু সিহঁতৰ নিৰাপত্তাৰ বাবে উদ্যোগ লবলৈ আহ্বান জনায়। তেওঁ চৰকাৰী বিভিন্ন আঁচনি, গার্ল চাইল্ড আঁচনিসমূহ এন এছ এছ কাৰ্য্যসূচী বিষয়া আৰু স্বেচ্ছাসেবকসকলে আগুৱাই নিয়াত অৰিহণা যোগাব লাগিব বুলি উল্লেখ কৰে। অতিথি অৰু অংশগ্রহণকাৰীক আদৰণি জনায় বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে।