কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা কামৰূপৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াক ২০১৯-‘২০ বৰ্ষৰ ৰাষ্ট্ৰীয় উদ্ভাৱনী আৰু শ্ৰেষ্ঠ শৈক্ষিক অনুশীলন বঁটা বৃহস্পতিবাৰে প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় শৈক্ষিক যোজনা আৰু প্ৰশাসন সংস্থানে দিল্লীত আয়োজিত এক অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰে।
‘এবাৰ ব্যৱহৃত প্লাষ্টিক বৰ্জন কাৰ্যসূচীত শিশুদূতৰ ভূমিকা’ শীৰ্ষক এটি শৈক্ষিক অনুশীলন উদ্ভাৱনৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি ভাৰত চৰকাৰৰ ৰাজ্যিক শিক্ষামন্ত্ৰী ড০ সুভাষ চৰকাৰে ২০১৯-‘২০ বৰ্ষৰ অসমৰ একমাত্ৰ বঁটা প্ৰাপক অপূৰ্ব ঠাকুৰীয়াক শিক্ষাৰ উত্তৰণৰ বাবে তেওঁ লৈ অহা ইতিবাচক পদক্ষেপৰ শলাগ লয়।
তেওঁৰ এই শ্ৰেষ্ঠ শৈক্ষিক অনুশীলনটো ২০১৯ চনৰ ২ অক্টোবৰত সেইসময়ৰ কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই আনুষ্ঠানিকভাৱে হাজো সুৰেন দাস মহাবিদ্যালয়ত উন্মোচন কৰিছিল। শিক্ষাৰ উত্তৰণৰ বাবে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেশ্যন, শৰাইঘাট জাৰ্ণেলিষ্ট ফৰাম, কামৰূপ জিলা সাংবাদিক সন্থা, কামৰূপ জিলা অধিবিদ্যা পৰিষদ আৰু কামৰূপৰ অধ্যক্ষ মঞ্চই অভিনন্দন জনায়।