নিউজ ডেস্কঃ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ পৰিপ্ৰেক্ষিতত বিগত পষেকত সাংবাদিক নিগ্ৰহৰ ঘটনাই সমগ্ৰ ৰাজ্যখনকে জোকাৰি গৈছে৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যমৰ সৈতে জড়িত সাংবাদিকসকলৰ নিৰাপত্তা নোহোৱা হৈছে এইখন ৰাজ্যত৷ চকু মুদা কুলিৰ ভাওত প্ৰশাসন নে নিগ্ৰহৰ এই আটাইবোৰ ঘটনাত প্ৰশাসন জড়িত সেয়া সময়ে বিচাৰ কৰিব৷
পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা তল নপৰোতেই দেওবাৰে (১৫ নৱেম্বৰ ২০২০) পলাশবাৰী থানাৰ অন্তৰ্গত মনিয়ৰি তিনিআলিত অবৈধ জুৱাৰে জড়িত এদল অপৰাধৰ নিৰ্মম আক্ৰমণৰ বলি হ’ল পুনৰ অসমীয়া প্ৰতিদিনৰ সাংবাদিক। জুৱাৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাৰ অপৰাধত লাইট পোষ্টত বান্ধি লৈ দিন দুপৰতে অপৰাধী চক্ৰই আক্ৰমণ চলোৱা এই সাংবাদিক গৰাকী হ’ল অসমীয়া প্ৰতিদিনৰ মিৰ্জাৰ প্ৰতিনিধি মিলন মহন্ত।
কাকপথাৰ প্ৰতিদিন টাইমৰ সাংবাদিকৰ হত্যাকাণ্ডৰ প্ৰতিবাদক অংগুষ্ঠ দেখুৱাই হিন্দী চিনেমাৰ কাইদাত দেওবাৰে সাংবাদিক গৰাকীক জুৱাৰ বিৰুদ্ধে কিয় বাতৰি লিখিবি বুলি ধমক দিয়াতে ক্ষান্ত নাথাকি এখন দোকানৰ পৰা টানি নি নিৰ্মম অত্যাচাৰেৰে প্ৰাণে মৰাৰো চেষ্টা চলায়।
এনেধৰণৰ সাংবাদিক নিৰ্যাতনৰ ঘটনাই ৰাজ্যখনত সংবাদ সেৱাৰ সৈতে জড়িত লোকসকলক ভীতিগ্ৰস্ত কৰি তুলিছে৷ স্বাভাৱিকতে ইয়াত প্ৰশাসনৰ নিৰ্লিপ্ততা প্ৰকাশ পাইছে৷