তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ অধীনস্ত কেন্দ্ৰীয় যোগাযোগ ব্যুৰ’য়ে গুৱাহাটীৰ খানাপাৰাস্থিত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত প্ৰথম মহাকাশ দিৱস উপলক্ষে আয়োজন কৰা তিনিদিনীয়া বৰ্ণাঢ্য প্ৰদৰ্শনীৰ শুক্ৰবাৰে শুভাৰম্ভ হয়। অসমৰ চৰকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথা জলবায়ু পৰিৱৰ্তন, পৰিবহণ, তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই এই প্ৰদৰ্শনী উদ্বোধন কৰে। এই বছৰৰ দিৱসৰ বিষয়বস্তু হৈছে “চন্দ্ৰ স্পৰ্শ কৰাৰ সময়ত জীৱন স্পৰ্শ কৰা: ভাৰতৰ মহাকাশ কাহিনী”, যিয়ে সমাজ আৰু প্ৰযুক্তিৰ ওপৰত মহাকাশ অন্বেষণৰ গভীৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
উদ্বোধনী অনুষ্ঠানত আগবঢ়োৱা ভাষণত মন্ত্ৰীগৰাকীয়ে কয়, “আমি এই দিৱসটো অতি গৌৰৱেৰে উদযাপন কৰোঁ। মহাকাশ বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ দেশে যিখিনি খ্যাতি অৰ্জন কৰিছে, সেয়া এতিয়া বিশ্বৰ সকলো দেশৰ মাজত আদৰ্শ আৰু অসাধাৰণ হিচাপে পৰিগণিত হৈছে। ইয়াৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ আমাৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰতি আমি ঋণী।”
তেওঁ লগতে কয়, “মহাকাশ অন্বেষণৰ ক্ষেত্ৰত আমাৰ দেশৰ কৃতিত্বক সন্মান জনোৱাৰ বাবে উৎসৰ্গিত প্ৰথমটো ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ এই উল্লেখযোগ্য অনুষ্ঠানত উপস্থিত থকাটো এক অতি আনন্দৰ কথা। আজিৰ দিনটোতে আমি চন্দ্ৰযানৰ ঐতিহাসিক সফলতা আৰু চন্দ্ৰ পৃষ্ঠত বিক্ৰম লেণ্ডাৰ অৱতৰণ কৰাৰ অবিশ্বাস্য কৃতিত্বক স্মৰণ কৰিছো। যোৱা বছৰৰ ২৩ আগষ্টত ভাৰতে চন্দ্ৰত অৱতৰণ কৰা চতুৰ্থ আৰু চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত উপনীত হোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়।” ইছৰো আৰু মহাকাশ খণ্ডত দেশৰ কৃতিত্বত নিৰৱচ্ছিন্ন কঠোৰ পৰিশ্ৰম আৰু মেধাৰে অৰিহণা যোগোৱা বিজ্ঞানীসকলৰ প্ৰতি মন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ গুৱাহাটীৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোক মহানগৰীত এক ইণ্টাৰেক্টিভ মাল্টিমিডিয়া প্ৰদৰ্শনীৰ আয়োজন কৰাৰ বাবে প্ৰশংসা কৰে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে মহাকাশ সম্পৰ্কে অধিক জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব।
উদ্বোধনী কাৰ্যসূচীত আগবঢ়োৱা ভাষণত উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ (ইছৰোৰ এটা ইউনিট)ৰ প্ৰাক্তন সঞ্চালক ড০ কুমুদ চন্দ্ৰ ভট্টাচাৰ্যই কয়, ‘ভাৰতকে ধৰি মাত্ৰ চাৰিখন দেশেহে চন্দ্ৰত অৱতৰণ কৰিবলৈ সক্ষম হোৱাটো এক বিৰল সাফল্য। প্ৰধানমন্ত্ৰীৰ আহ্বানমৰ্মে আমি সকলোৱে এই দিৱস উদযাপন কৰিছো। প্ৰদৰ্শনীত সমবেত হোৱা ছাত্ৰ-ছাত্ৰীৰ উৎসাহ-উদ্দীপনা দেখি মই অভিভূত হৈ পৰিছো। আমি মহাকাশ প্ৰযুক্তিৰ যাত্ৰাত অৰিহণা যোগাবলৈ অক্লান্তভাৱে কাম কৰিছো আৰু আজি আমি ইয়াৰ ফল লাভ পাইছো। যদিও মই এতিয়া অৱসৰ গ্ৰহণ কৰিছো, তথাপি ইছৰোৰ হৈ মই ক’ব বিচাৰো যে এই দেশৰ বিজ্ঞানী হিচাপে আমি মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত নিষ্ঠাৰে কাম কৰি যাম।” তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্ৰধান শ্ৰী কে সতীশ নম্বুদিৰিপাদেও বিজ্ঞান আৰু মহাকাশৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলক প্ৰদৰ্শনীখন পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়, কিয়নো ইয়াৰ উদ্দেশ্য হৈছে তেওঁলোকৰ শিক্ষণ অভিজ্ঞতা বৃদ্ধি কৰা।
এই প্ৰদৰ্শনীৰ প্ৰধান কেন্দ্ৰবিন্দু হৈছে মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি আৰু আজিৰ বিশ্বত ইয়াৰ প্ৰয়োগৰ প্ৰতি যুৱ প্ৰজন্মক জড়িত আৰু অনুপ্ৰাণিত কৰা। এই প্ৰদৰ্শনীখন ডিজিটেলী ইণ্টাৰেক্টিভ আৰু মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য কৃতিত্বৰ বিষয়ে জানিবলৈ ছাত্ৰ-ছাত্ৰী আৰু দৰ্শনাৰ্থীসকলৰ বাবে অগমেণ্টেড ৰিয়েলিটি (এ আৰ), ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ), টাচ ৱাল, হ’ল’গ্ৰাফিক প্ৰজেকচন আৰু বহুতো আকৰ্ষণীয় বিষয় প্ৰদৰ্শন কৰা হৈছে।
এই উপলক্ষে অনুষ্ঠানত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক বিজয় শংকৰ শৰ্মা; অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক, ড° জয়দীপ বৰুৱা; তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান জেন নামচু আৰু কেন্দ্ৰীয় যোগাযোগ ব্যুৰো, গুৱাহাটীৰ বিষয়াসকলৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। কাৰ্যসূচীৰ দ্বিতীয় দিনৰ বিষয়বস্তুৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰদৰ্শনীখন ২৩ আগষ্টৰ পৰা ২৫ আগষ্টলৈকে পুৱা ৯:৩০ বজাৰ পৰা বিয়লি ৬:০০ বজালৈকে জনসাধাৰণৰ বাবে মুকলি থাকিব।