ভাৰতৰ বিজ্ঞানৰ ইতিহাসত ১৯৯৮ চনৰ ১১ মে’ৰ দিনটো এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়। কিয়নো সেই দিনটোতে ৰাজস্থানৰ পোখৰানত ভাৰতে প্ৰথমবাৰৰ বাবে পাঁচোটা সফল পৰমাণু বোমাৰ পৰীক্ষণ চলাইছিল। সেই দিনটোক স্মৰণীয় কৰি ৰখাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (NCC) গুৱাহাটী গ্ৰুপৰ অধীনৰ ১ আসাম NCC বেটেলিয়ান আৰু ৪৭ ৰাইডিং এণ্ড ভেটেনাৰী স্কোৱাদ্রণ NCCৰ যৌথ উদ্যোগত আৰু আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ সহযোগত বৃহস্পতিবাৰে কেন্দ্ৰ চৌহদত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হয়।
আনহাতে দিৱসৰ লগত সংগতি ৰাখি ১ আসাম এন চি চি বেটেলিয়ান আৰু ৬০ আসাম গাৰ্লছ NCC বেটেলিয়ানৰ উদ্যোগত কেডেটৰ মাজত থিতাতে লিখা ৰচনা প্ৰতিযোগিতা, বিজ্ঞান বিষ়য়ক কুইজ, বিজ্ঞানৰ মডেল প্ৰদৰ্শন কৰা হয় তেনেদৰে দিৱসৰ মূল আকৰ্ষণ আছিল ৪৮ আসাম নেভেল NCC ইউনিটৰ কেডেটৰ শ্বিপ মডেলিং আৰু ৫০ আসাম এয়াৰ স্কোৱাদ্ৰণ এন চি চি ইউনিটৰ কেডেটৰ এৰো মডেলিং প্ৰদৰ্শন। আনহাতে কাৰ্যসূচীত আটাইকেইটা NCC গোটৰ ১৬২ জন কেডেটে ভাগ লয় । ইয়াৰ উপৰিও দিৱসৰ লগত সংগতি ৰাখি বিজ্ঞান বিষয়ক চিনেমা প্ৰদৰ্শন কৰা হয়।