নিউজ ডেস্কঃ বিটিআৰত এতিয়াও অব্যাহত আছে ওলোমা চৰকাৰ অনিশ্চয়তা ৷ তাৰ মাজতে বিজেপিৰ নতুন মিত্ৰ দল ইউ পি পি এল আৰু জি এছ পিৰ উল্লাহ সমগ্ৰ ৰাজ্যতে এতিয়া বিৰাজমান ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে ঘোষণা কৰা যে বিটিআৰৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো হ’ব ৷ সেইমৰ্মে প্ৰমোদ বড়োৰ নেতৃত্বত কাইলৈ বিটিআৰত নতুন পৰিষদে শপত গ্ৰহণ কৰিব বুলিও জানিব পৰা গৈছে ৷ আনহাতে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত শপতগ্ৰহণ অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি চলোৱাও দেখা গৈছে৷ ইতিমধ্যে নিয়োগ কৰা হৈছে ৫০০ স্বেচ্ছাসেৱককো ৷
উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ বাসগৃহত আজি পুৱাই অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক৷ বিটিআৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে ত্ৰিদলীয় মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাক লৈ অধিক তৎপৰ হৈ উঠিছে বিজেপি, ইউপিপিএল আৰু আৰু গণ সুৰক্ষা পাৰ্টীৰ নেতাসকল৷
আজি পুৱা ৰঞ্জিৎ দাসৰ গৃহত হোৱা বৈঠকত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়োকে ধৰি বিজেপি, ইউ পি পি এলৰ কেইবাজনো নেতা ৷ এই বৈঠকত বিটিআৰৰ পৰৱৰ্তী শাসনৰ শপতগ্ৰহণ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হৈছে বুলি জানিব পৰা গৈছে৷