নিউজ ডেস্কঃ ‘বিজেপিয়ে কয় কংগ্ৰেছৰ বি টীম, কংগ্ৰেছে কয় ইউডিএফৰ বি টীম, আমি কাৰো বি টীম, চি টীম নহয়… আমি এ টীম ৷”
এনেদৰে আজি ক্ষোভ উজাৰিলে লুৰীণজ্যোতি গগৈয়ে ৷
বিজেপি তথা অন্য ৰাজনৈতিক দলক প্ৰত্যাহ্বান জনাই তেওঁ আজি এই মন্তব্য কৰে৷ লগতে তেওঁ এই বুলিও কয় যে এইবাৰ অসমত অসম জাতীয় পৰিষদৰ চৰকাৰ হ’ব ৷
এইবাৰ ৰাইজে জাতীয় পৰিষদক ভোট প্ৰদান কৰিব ৷
এইবাৰ যুঁজ হ’ব জাতীয়তাবাদৰ ৷ অসমক কা জাপি দিয়া দলৰ সৈতে এইবাৰ কোনো শৰ্মা, কলিতা, গগৈ তথা অসমৰ ৰাইজ নাথাকিব ৷ তেওঁলোকৰ সৈতে থাকিব কেৱল অবৈধ বাংলাদেশী ৷
যিসকলে অ’তদিনে অবৈধ বাংলাদেশীৰ মোহত ৰাজনীতি কৰি আছে, তেওঁলোকেহে মাথো বি টীমৰ মাজতে সীমাবদ্ধ হৈ থাকিব ৷
সেইকাৰণে তেওঁলোকে অসমৰ জনগণৰ ভৱিষ্যতক লৈ চিন্তিত নহয় ৷
সেয়েহে, অসমত কা জাপি দিছে বিজেপিয়ে আৰু কা জাপি দিয়াৰ সপক্ষে অৰ্থাৎ, ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ বিদেশী অসমত থাকিব পাৰিব বুলি এফিডেভিড দিয়া কংগ্ৰেছ দল বিজেপিৰ মাজত কোনো চৰিত্ৰগত পাৰ্থক্য নাথাকিল ৷
সেয়ে এইবাৰ যুঁজ হ’ব জাতীয়তাবাদ বনাম ৰাষ্টীয় ৰাজনৈতিক শক্তি ৷