ভোটদাতাৰ সুবিধা হোৱাকৈ আগন্তুক অসম বিধানসভা নিৰ্বাচনত ইভিএম মেচিনসমূহত প্ৰাৰ্থীৰ ফটো সংলগ্ন কৰা থাকিব ৷
অসমৰ ৰাজ্যিক নিৰ্বাচন বিভাগক এইক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ভাৰতীয় নিৰ্বাচন আয়োগে ৷
ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি, প্ৰাৰ্থীসকলৰ ফটো বেলট পেপাৰত ছপোৱা হ’ব আৰু জিলা আৰু মহকুমা পৰ্যায়ৰ নিৰ্বাচনী কৰ্তৃপক্ষই ইভিএমত সংযোজন কৰিব ৷
পোষ্টেল বেলট পেপাৰতো সংলগ্ন কৰা হ’ব প্ৰাৰ্থীৰ ফটো ৷
নিৰ্বাচন আয়োগৰ ভাষ্য অনুসৰি, একে নামৰ প্ৰাৰ্থীয়ে প্ৰতিদন্দিতা আগবঢ়ালেও ভোটদাতাৰ বিভ্ৰান্তিৰ সৃষ্টি ন’হবলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে আয়োগে ৷