নিউজ ডেস্কঃঅৱশেষত আয়ুস্মান মিত্ৰই লাভ কৰিলে দৰমহা ৷ লকডাউনৰ সময়তো নিজৰ দায়িত্ব সম্পন্ন কৰা চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত কৰ্মৰত আয়ুস্মান মিত্ৰসকলে বিগত পাঁচ মাহ ধৰি পোৱা নাছিল দৰমহা ৷
আয়ুস্মান মিত্ৰৰ বকেয়া দৰমহা অৱশেষত পৰিশোধ কৰিলে ৰাজ্যৰ স্বাস্থ্য বিভাগে।
শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আয়ুস্মান মিত্ৰসকলৰ বকেয়া ৫ মাহৰ দৰমহা প্ৰদান কৰাৰ পিছতে আনন্দ প্ৰকাশ কৰিছে চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ত কৰ্মৰত আয়ুস্মান মিত্ৰসকলে।
উল্লেখ্য, চৰকাৰী চিকিৎসালয়ত কৰ্মৰত আয়ুস্মান মিত্ৰসকলে ৫ মাহৰ দৰমহা আৰু ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত আয়ুস্মান মিত্ৰসকলে ২ মাহৰ দৰমহা লাভ কৰা নাছিল।
যাৰ ফলত আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল এইসকল চিকিৎসাকৰ্মীয়ে ।
যাৰ বাবে অতিষ্ঠ হৈ ভোগালী বিহুৰ উৰুকাৰ সময়তো তেওঁলোকে প্ৰাপ্য দৰমহা লাভ নকৰাত টুইটযোগে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দৰমহা প্ৰদানৰ বাবে আহ্বান জনাইছিল।
আয়ুস্মান মিত্ৰসকলৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনায়েই শুকুৰবাৰে স্বাস্থ্য বিভাগে চৰকাৰী চিকিৎসালয়ৰ আয়ুস্মান মিত্ৰসকলক বকেয়া ৫ মাহৰ আৰু ব্যক্তিগত চিকিৎসালয়ৰ আয়ুস্মান মিত্ৰসকলক বকেয়া ২ মাহৰ দৰমহা প্ৰদান কৰে।
তাৰ পিছতে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত কৰ্মৰত আয়ুস্মান মিত্ৰসকলে আনন্দ প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।