আদালতত আজি চাৰ্জশ্বীট দাখিল কৰে সংখ্য়ালঘু ছাত্ৰবৃত্তিৰ ধন আত্মসাৎকাৰীৰ বিৰুদ্ধে ।
সংখ্য়ালঘু স্কলাৰশ্বিপৰ প্ৰায় ১০০ কোটিৰ অধিক ধন আত্মসাৎ কৰিছিল আত্মসাৎকাৰীসকলে ।
বৃহস্পতি বাৰে ৯,৩০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰা হয় আদালতত ।
চিআইডি য়ে দাখিল কৰে চাৰ্জশ্বীট ।
ঘটনা সন্দৰ্ভত বিগত বৰ্ষৰ ২৮ আগষ্টতেই ৰুজু হৈছিল গোচৰ ।
অসম সংখ্য়ালঘু উন্নয়ন বৰ্ডৰ অধ্য়ক্ষ মাহমুদ হাচানে ৰুজু কৰিছিল গোচৰ ।
বৰ্তমানলৈকে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ ৩২ গৰাকী লোকক ধন আত্মসাতৰ অভিযোগত আটক কৰিছে চি আই ডি য়ে ।
আটকাধীন লোকসকলৰ ভিতৰত আছে বিদ্য়ালয়ৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষক,গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু বহু কেইজন মধ্য়স্থতাকাৰী ।