নিউজ ডেস্কঃ ’উচ্চতৰ মাধ্যমিক শ্ৰেণী পৰ্যন্ত পঢ়ালৈকে সন্তানক পিতৃ-মাতৃ তথা অভিভাৱকে নিজৰ লগতে ৰখা উচিত।
সামাজিক পৰিস্থিতিৰ লগত ল’ৰা-ছোৱালীক খাপ খুৱাই ডাঙৰ-দীঘল কৰিব লাগে।
সমাজৰ পৰা আঁতৰি ডাঙৰ দীঘল হ’লে তেওঁলোকৰ মানসিকতা অলপ হ’লেও পৃথক হোৱাৰ সম্ভাৱনা থাকে।’
এইবুলি মত প্ৰকাশ কৰে বিটিচিৰ নৱ-নিৰ্বাচিত মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োয়ে ৷
মংগলবাৰে কোকৰাঝাৰ চহৰৰ তিতাগুড়িস্থিত তিতাগুড়ি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত কস্তুৰবা গান্ধী বিদ্যালয়ৰ আদৰ্শ এশখন বিছনাযুক্ত নৱনিৰ্মিত ছাত্ৰী নিবাসটো উদ্বোধন কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী বড়োয়ে ল’ৰা-ছোৱালীক সমাজৰ লগত মিলা-মিচা কৰি ডাঙৰ-দীঘল কৰাত গুৰুত্ব আৰোপ কৰে ৷
লগতে আৰু তেওঁ কয় যে অৱশ্য যিসকলৰ আৰ্থিক অৱস্থা ভাল নহয় বা ওচৰত শিক্ষাৰ ব্যৱস্থা নাই তেওঁলোকক হোষ্টলত ৰখাটো প্ৰয়োজন ৷
সন্তানক পৰিয়াল আৰু সমাজৰ লগত সম্পৰ্ক ৰাখি ডাঙৰ-দীঘল কৰিলে বহুতো যোগাত্মক দিশ পোৱা যায় বুলিও তেওঁ মত প্ৰকাশ কৰে।
আনহাতে বিটিচিত বিগত চৰকাৰখনৰ সময়ছোৱাত যেনে ধৰণৰ গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছিল তেনে গ্ৰন্থমেলাৰ পৰিবৰ্তে অৰ্থপূৰ্ণ আৰু ফলপ্ৰসূ গ্ৰন্থমেলাৰ চিন্তা চৰ্চা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে ৷
লগতে তেওঁ কয় যে ক’ভিডৰ পৰিৱেশ আৰু অধিক উন্নত হ’লে গ্ৰন্থমেলা আয়োজন কৰা হ’ব বুলিও নিশ্চয়তা প্ৰদান কৰে প্ৰমোদ বড়োই ৷
বিটিচি প্ৰধান প্ৰমোদ বড়োৱে শিক্ষাৰ ক্ষেত্ৰত বিটিচিত উন্নত মানৰ আন্তঃগাঁথনিৰ অভাৱ আছে বুলি সদৰী কৰি ৬০০০ শ্ৰেণীকোঠাৰ অভাৱৰ লগতে সৰহসংখ্যক বিদ্যালয়ত বিশুদ্ধ খোৱাপানী, টয়লেট আদিৰ ব্যৱস্থা নাই বুলি কয়।
এইক্ষেত্ৰত ইতিমধ্যে জৰীপৰ কাম আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।
বিগত ৩০-৪০ বছৰ ধৰি সন্ত্ৰাসবাদৰ কবলত থকা অঞ্চলটোৰ পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক হৈ আহিছে বুলি উল্লেখ কৰি বড়োৱে গুণগত শিক্ষা ব্যৱস্থাৰ বাবে শিক্ষক, ছাত্ৰ, অভিভাৱক আৰু শিক্ষা বিভাগৰ বিষয়াসকলৰ মাজত এটা সু-সম্পৰ্ক গঢ়ি তুলিবলৈ আহ্বান জনায়।
ভোগালী বিহুৰ পিছতে বিভিন্ন শিক্ষানুষ্ঠানৰ অধ্যক্ষ, প্ৰধান শিক্ষকসকলক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰাৰ কথা তেওঁ ঘোষণা কৰে আৰু তিনি মাহৰ ভিতৰত বিটিচিৰ বাবে এখন সুকীয়া শিক্ষা নীতি প্ৰস্তুত কৰি উলিওৱা হ’ব বুলিও কয়।
পূৰ্বৰ হাগ্ৰামা মহিলাৰী পৰিচালিত পৰিষদীয় চৰকাৰখনে কেৱল ফাৰ্নিচাৰ যোগান ধৰি ১৭ বছৰ পাৰ কৰিলে বুলি কটাক্ষ কৰি শিক্ষাৰ উন্নয়নৰ বাবে এটা উন্নত শিক্ষা নীতি খুবেই প্ৰয়োজন বুলি দোহাৰে।
সেযেহে ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা আৰু শিক্ষাদানৰ বাবে উন্নত পদ্ধতিৰ ব্যৱহাৰ, প্ৰাথমিক স্তৰৰ পৰাই কাউন্সিলং কৰি লৰা ছোৱালীক সাম্প্ৰতিক সময়ত আহি পৰা গোলকীয় প্ৰতিযোগিতা আৰু সংস্হাপন লাভ কৰিব পৰাকৈ চলিত জানুৱাৰী মাহৰ পৰাই কেৰিয়াৰ ছাৰ্ভেৰ কাম আৰম্ভ কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়েও তেওঁ মত ব্যক্ত কৰে।
বিটিচি প্ৰধান বড়োৰ মতে উক্ত কেৰিয়াৰ ছাৰ্ভেৰ তৃতীয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলে নিজেই সদৰী কৰিব যে ভৱিষ্যতে তেওঁলোক কি হ’ব বিচাৰে আৰু সেই মতে তেওঁলোকৰ ওপৰত পুনৰ কাউন্সিলঙৰ ব্যৱস্থা কৰিব।
আনহাতে বিটিআৰ চুক্তিৰ পিছত অমিত শ্বাহৰ আগমনক লৈ বড়োৱে শান্তিৰ চহৰলৈ পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ গৃহমন্ত্ৰীৰ পদাৰ্পন হ’ব আৰু তেওঁক উষ্ণ আদৰণি জনাবলৈ অপেক্ষা কৰি আছে বুলি জনায়।
অনুষ্ঠানত বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্ম, বিটিচিৰ সচিব অমৰজ্যোতি বৰ্মন, ডি ই ই অ’ জয়পাল সিং ব্ৰহ্ম আদিকে ধৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰী, অভিভাৱক সমাজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলও উপস্থিত থাকে।