গুৱাহাটীৰ বশিষ্ঠত শুভ উদ্বোধন “অসম জল ভৱন” ৰ ।
অসমৰ জলসম্পদ বিভাগ আৰু বান আৰু গৰা খহনীয়া ব্যৱস্থাপনা অভিকৰণ অসমৰ “অসম জল ভৱন”টো উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই ।
১২ ফেব্ৰুৱাৰীত উদ্বোধন কৰা হয় উত্তৰ পূবৰ প্ৰথমটো সেউজ বিল্ডিং ।
এই ভৱনত থাকিব জলসম্পদ বিভাগৰ কাৰ্যালয়,জল প্ৰশিক্ষণ চেণ্টাৰ আৰু জলসম্পদ বিভাগত কাম কৰি থকা সংস্থাসমূহৰ কাৰ্যালয় ।
জলসম্পদৰ বিভাগৰ লগত জড়িত সকলো কাম সমাপন হ’ব এই ভৱনত।
বশিষ্ঠত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ১২ বিঘা মাটিত স্থাপন কৰা হৈছে “অসম জল ভৱন” ।