এটা ফোন কল। তাৰ পিছত বাৰ্বী হাজৰিকাৰ জীৱনলৈ নামি আহিছিল ধুমুহা। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা পোষ্ট। কিয়, কাৰ বাবে এই গৰাকী যুৱতীৰ বিৰুদ্ধে গৈ ফেচবকুত দিছিল পোষ্টটো। পোষ্টটোত সাঙুৰিছিল এগৰাকী প্ৰাক্তন আলফা নেতাৰ নাম। যাৰ নাম জীতেন দত্ত। কিন্তু এই যুৱতীগৰাকীয়ে কৈছিল যে তেওঁ কেতিয়াও জীতেন দত্তক লগেই পোৱা নাই বা কেতিয়াও দেখাও পোৱা নাই। কিন্তু কিয় সাঙুৰ খাইছিল ভুক্তভোগী বাৰ্বী হাজৰিকাৰ নাম?
কি আছিল পোষ্টটোত, কোনে দিছিল পোষ্টটো?
বাৰ্বী আৰু বান্ধৱীগৰাকীৰ মাজত হোৱা বাৰ্তালাপ- ‘কাউণ্ট কৰিছো জানে, ৯টা হ’ল বে, কে…, নৱগ্ৰহ হৈছেগৈ, ৯টা ধাতু লগ লাগিছে মোৰ। জেকপট কে.. লাগিব লকডাউনত। সৱতে এটা এটা। সেইকাৰণেটো কৈছো নৱগ্ৰহ হৈছে বুলি। কি হৈছে নিজে নাজানো। আগতে মই মা কছম এনেকুৱা নাছিলো বে। ক’ৰ পৰা কেনেকৈ এটাৰ পিছত জেকপট আহিছে বে..
নমুনা ১, নমুনা ২ আৰু নমুনা ৩ ৰে বাৰ্বীক ছচিয়েল মিডিয়াত কৰিছিল তুচ্ছ-তাচ্ছিল্য। কিন্তু বাৰ্বীয়ে তলকিবই পৰা নাছিলে আচলতে ঘটি কি আছিল তাইৰ লগত। উপায়হীন হৈ কাষ চাপিছিল আৰক্ষীৰ। আৰক্ষীয়ে কৈছিল ইয়াক লৈ তদন্ত প্ৰক্ৰিয়া চলি আছে।
আইনৰ সহায় লোৱাৰ পিছত তাই Headline8ৰ সন্মুখত সম্পূৰ্ণ ঘটনাটোৰ বিষয়ে স্পষ্টভাৱে বিৱৰি এইদৰে ক’লে…
‘মই বাৰ্বী হাজৰিকা। মোৰ ফেচবুকত পোষ্ট এটা ভাইৰেল হৈছে ২০ জানুৱাৰীত। ভাইৰেল কোনে কৰিছে, কি কৰিছে, একো নাজানো। মোৰ এইবিলাকত কোনো লিংক আপ নায়, কিন্তু মই হৈ বহুত কিবা কিবি লিখিছে। বহুত বেয়া বেয়া কৈ লিখিছে। মোৰ ফেচবুকৰ পৰা ফটো লৈ আপলোড কৰিছে যে মই নাৰী ব্যৱসায় কৰো, মোৰ জিতেল দত্তৰ সৈতে লিংক আপ আছে। এইবিলাক লিখিছিলে।’‘মই জীতেন দত্ত কোনো সেইটো চিনি নাপাও। মোৰ যদি কিবা লিংক আছে চাব পাৰে। মই খোলা খুলিকে কৈছো মই জীতেন দত্তক লগেই পোৱা নায়। আৰু এইবিলাকৰ কাৰণে ছচিয়েল মিডিয়াত যিটো পোষ্ট ভাইৰেল কৰি দিলে। তাত বেয়া বেয়া কমেণ্ট দিছে সকলোৱে। এয়া মোৰ কাৰণে মানসিক নিৰ্যাতন।’
‘কমেণ্টত মোক সকলোৱে জগৰীয়া কৰিছে। দিনে-নিশাই মই মানসিক অশান্তিত ভুগিছো। সকলোৱে সুধিছে মোক কোন হয়? কিয় এইবিলাক ওলাইছে। তাৰ দুদিনমান পিছত এটা ভইচ ৰেকৰ্ড ওলাইছিল, নমুনা ১, নমুনা ২ আৰু নমুনা ৩ বুলি।’
প্ৰথম কথাটো হ’ল সেই ভইচ ৰেকৰ্ডটো মোৰ বান্ধৱীৰ সৈতে হোৱা কথা-বতৰাৰ। লকডাউৰ সময়ত কথা পাতিছিলো। তাইৰ নামটো স্মৃতি হয়। লকডাউনৰ সময়ত নিশা কথা পাতিছিলো। লকডাউনৰ সময়তটো কোনো কাম-বন নাথাকে। সেইকাৰণে মোক নিশা মোৰ বান্ধৱীগৰাকীয়ে ফেচবুকত মেছেজ কৰিছিল ‘অই কি কৰিছ বুলি।’ মই তেতিয়া কৈছিলো ৰহ মই তোৰ লগত ফোনতে কথা পাতিম।
মোৰ মানে সেইটো সময়ত টাইপ কৰিব মন নাছিল। এইটো সেই সময়ৰ ১১.৪৫ বজাৰ কথা। তাইৰ সৈতে মই সাধাৰণ বন্ধুৰ দৰে কথা পাতিছিলো। ধেমালিতে হওক বা কিবা বেলেগ কাৰণতে হওক, তাই যে মোৰ কাৰণে এনে পৰিকল্পনা কৰি আছিল, মই একো জনাই নাছিলো।
তাইৰ সৈতে হোৱা কথাখিনি তাই এডিটিঙেই কৰিছে নে কিবা কৰিছে মই একো নাজানো। মোৰ তাইৰ সৈতে ব্যক্তিগতভাৱেও কোনো শত্ৰুতা নায়। মই তাইক কোনো অপকাৰ কৰা নায়। মোক তাই সুধিছিল কি কৰি আছ বুলি? মই কৈছিলো কিনো কৰিবি আৰু লকডাউনত। একোটো কাম-বন নাই, ৬টা মাহটো গ’লেই, ৯টা মাহত ৯টা বয়ফ্ৰেণ্ড হ’ব, সেইটোৱেই কাম কৰিব লাগিব।
সেইবোৰে কথা পাতিছিলো। ৩ নম্বৰ পোষ্টটোত যি দিছিল, মই কৈছিলো মানুহক যদি বিয়া পাতিব লাগে, কেৱল পইচা বুলিয়ে নহয়, মানুহক সন্মান দিয়াটো, সকলো বস্তু চাই ল’ব লাগে। মই সেইখিনিয়ে কথা পাতিছিলো। বেলেগ একো নাছিলে। তাই কিহৰ বাবে এইবিলাক কৰিছে, কাৰ লগত মিলি কৰিছে। মই একো নাজানো। মোৰ ঘৰত হাৰাশাস্তি হৈছে এইবিলাকৰ পৰা।
মোৰ কাৰণে সমস্য়াত ভুগিছে। এইবিলাক কোনো ছোৱালীৰ সৈতে হ’ব নালাগে। মোৰ দৰে যাতে আন কোনো যুৱতীৰ সৈতে এনেকুৱা নহয়। মই সেইটো বিচাৰো। বাকী আৰু আৰক্ষী আছেই। মই যিখিনি কৰিব লাগে সেইখিনি কৰিয়েই আছো। সেইখিনি কৰি যদি সহায় পাম, তেন্তে পাম, যদি নাপাও তেন্তে ক’বলগীয়া মোৰ একো নায়। আৰু বিপ্লৱজ্যোতি মহান কোন হয় মই নাজানো।
মই কাকোকে চিনি নাপাও। মায়ে আগতে কৈছিলে যে বন্ধুৰ সৈতে বেছি মিলা-মিছা নকৰিবা, মই আজিহে গম পাইছো, মায়ে কোৱা কথাষাৰ আচলতে সঁচা হয়। মোৰ সৈতে যেনেকৈ আজি চাইবাৰ ক্ৰাইম হৈছে, সেইদৰে কাইলৈ অন্য যুৱতীৰ সৈতেও হ’ব পাৰে।’
এটা ছচিয়েল মিডিয়াৰ আধাৰত কোনো যুৱতীৰ জীৱন ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াটো উচিত হয় জানো? কাৰণ, এটা ছচিয়েল মিডিয়া পোষ্টত কিমান সত্যতা আছে সেয়া নিৰ্ধাৰিত নকৰাকৈ আপুনি বা মই সেইগৰাকী যুৱতীৰ বিৰুদ্ধে সিদ্ধান্ত লোৱাটো আচলতে একপ্ৰকাৰ উচিত নহয়!
Photo: Headline8