আজি ছহিদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ওপজাদিন ৷
১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰিছিল নিৰ্ভীক সাংবাদিকগৰাকীয়ে ৷
অসমীয়া প্ৰতিদিন কাকতৰ প্ৰতিষ্ঠাপক কাৰ্যবাহী সম্পাদক, মানৱ অধিকাৰ কৰ্মী আৰু অসমত মানৱ অধিকাৰ সংগ্ৰামৰ আগৰণুৱা আছিল সাংবাদিকগৰাকী ৷
কলমৰ ধাৰেৰে অস্ত্ৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল পৰাগ কুমাৰ দাসে ৷
নিৰ্ভীক, নিৰপেক্ষ আৰু আপোচবিহীন সাংবাদিকতাৰ মূৰ্তপ্ৰতীক পৰাগ কুমাৰ দাস ৷
অসমবাসীৰ হৃদয়ত আজিও সজীৱ সাংবাদিকগৰাকীৰ নীতি-আদৰ্শ ৷
আজি তেখেতৰ ওপজাদিনত অসমবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰিছে এইগৰাকী মহান ব্যক্তিক ৷
photo:google