সমস্যাজৰ্জৰ অসমৰ আৰ্থ-সামাজিক বিকাশ আৰু অসম জাতীয় পৰিষদৰ ভূমিকা সন্দৰ্ভত হোটেল গেটৱে গ্ৰেণ্ডয়ৰত অনুষ্ঠিত হয় এক বৈঠক ।
অসম জাতীয় পৰিষদৰ ‘আৰ্থ সামাজিক পৰিচালনা আৰু উন্নয়ন উপদেষ্টা পৰিষদ’ৰ উদ্যোগত ড° জৈমিনী ভাগৱতীৰ অধ্যক্ষতাত ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় বৈঠকখন ।
বৈঠকত অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ডি এন শইকীয়া, নাবাৰ্ডৰ অৱসৰপ্ৰাপ্ত প্ৰৱন্ধক হৰেন্দ্ৰনাথ ভূঞা, বিশিষ্ট কৃষি বিজ্ঞানী ড° শৰৎ শইকীয়া, অৱসৰপ্ৰাপ্ত কৰ আয়ুক্ত যোগেশ চন্দ্র পেগু,
উত্তৰ-পূব কৃষি বিপনন নিগমৰ পৰিচালন সঞ্চালক প্ৰদীপ কুমাৰ সিনহা, তৈল খণ্ডৰ বিশেষজ্ঞ ভূপতি কুমাৰ দাস, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড° অলক বুঢ়াগোহাঁই,
পশু চিকিৎসা বিশেষজ্ঞ ড° এম আই বৰবৰুৱা, চাটাৰ্ড একাওন্টেন্ট সৌমিত্র দাস, বিশিষ্ট উদ্যোগী ত্ৰিদীপ শৰ্মা, গণসংযোগ বিশেষজ্ঞ বেদব্ৰত বৰা
আইনী বিশেষজ্ঞ ভূৱন চন্দ্র বৰুৱাৰ লগতে অসম জাতীয় পৰিষদৰ দুই মূখ্য উপদেষ্টা বসন্ত ডেকা আৰু ড° কৃষ্ণগোপাল ভট্টাচার্য ।
আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ৰুচজাৰ্ছ বিশ্ববিদ্যালয়ৰ অধ্যাপক সৌমিত্র ভূঞা, অষ্টেলিয়াৰ পৰা মনচাহ বিশ্ববিদ্যালয়ৰ গৱেষক চাহীন আহমেদ,
বিশিষ্ট চিকিৎসা বিশেষজ্ঞ ড° সীমান্ত জি শৰ্মাসহ বিভিন্ন খণ্ডৰ কেইবাগৰাকী বিশেষজ্ঞ ব্যক্তিয়ে ভিডিঅ’ কনফাৰেন্স যোগে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে প্ৰতিগৰাকী আলোচকেই ৰাজ্যৰ নিৱনুৱা সমস্যাটোক অৰ্থনৈতিক বিকাশৰ প্ৰধান অন্তৰায় হিচাপে চিহ্নিত কৰে আৰু ৰাজ্যবাসীৰ কৰ্মক্ষমতা আৰু কৰ্মদক্ষতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
আলোচক সকলৰ মতে, ৰাজ্যৰ নিৱনুৱা লোকসকলক কাৰ্মৰ সন্ধান দিয়া, কৰ্মক্ষম লোকসকলক অধিক কাম কৰা তথা আয় বৃদ্ধিৰ সুবিধা প্ৰদান কৰিব পাৰিলে ৰাজ্যখনৰ দ্ৰুত অৰ্থনৈতিক বিকাশ সম্ভৱ।
সেয়ে ৰাজ্যত কৰ্মসংস্কৃতি গঢ়াৰ লগতে নিয়োগ সৃষ্টিৰ জৰিয়তে উপাৰ্জন বৃদ্ধিৰ পৰিৱেশ গঢ় দিয়াটো জাতীয় পৰিষদৰ অন্যতম প্ৰধান লক্ষ্য হ’ব লাগে বুলি তেওঁলোকে মত পোষণ কৰে।
অধ্যক্ষ ড° জৈমিনী ভাগৱতীয়ে নিৱনুৱা সমস্যা সমাধান কৰোটোত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক সম্পদ গঠনৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে ।
তেওঁ কয় যে যেতিয়ালৈকে ৰাজ্যখনৰ আয়ৰ পৰিমাণ খৰছতকৈ অধিক নহ’ব তেতিয়ালৈকে অৰ্থনৈতিক বিকাশ বাধাপ্রাপ্ত হৈয়ে থাকিব।