নিউজ ডেস্কঃ নতুন বছৰ মানেই এবুকু নতুন আশা, জীৱন জীওৱাৰ নতুন প্ৰত্যাশা । ক’ৰবাত থমকি ৰ’ব খোজা জীৱনটোৱেও যেন পায় নতুন গতি । চিৰপ্ৰৱাহমান সময়ৰ সোঁতত সলনিৰ নতুন সোঁতে সাহসৰ জোৱাৰ নমায় । ন সাহেৰে আগুৱাই যায় জীৱন । জীৱনৰ বাটত ন উছাহেৰে বাট বুলে জীৱনে । চাওতে চাওতে আকৌ এটা ইংৰাজী বছৰে বাগৰ সলালে। ২০২০-ক বিদায় দি বিশ্ববাসীয়ে আদৰিলে ২০২১ বৰ্ষক। সকলোৱে ২০২০ বৰ্ষৰ বিপদ- বিঘিনি,অসুখ-অশান্তি, দুৰ্যোগ দূৰ কৰি নতুন বছৰটো যেন বিশ্ববাসীৰ বাবে হৈ পৰে নতুন আশাৰ বতৰা তাৰে কামনা কৰিছে ।
ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত সকলোকে আন্তৰিক ওলগ জনালোঁ। নতুন বছৰটিয়ে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা।#HappyNewYear2021 pic.twitter.com/uPpM5eU28s
— Sarbananda Sonowal (@sarbanandsonwal) December 31, 2020
ইংৰাজী নৱবৰ্ষৰ পহিলা দিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰত দেখা গৈছে অগণন লোকৰ ভিৰ। গুৱাহাটী মহানগৰীৰ মঠ-মন্দিৰতো দেখা গ’ল ইংৰাজী নতুন বছৰটোত বিশ্বলৈ সুখ-শান্তি, প্ৰগতি নামি অহাৰ কামনাৰে ভগৱানৰ চৰণত আশীষ লোৱা দেখা গ’ল অগণন লোকক।
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया,
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुख भागभवेत।I join my family in sending you our finest wishes for the #NewYear. You all be in good health & achieve success in your endeavours 💝
আপোনালোক আটাইৰে বাবে নৱবৰ্ষ শুভ হওক#HappyNewYear2021 pic.twitter.com/63MGSu0hpv
— Himanta Biswa Sarma (@himantabiswa) January 1, 2021
আনহাতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমূহ অসমবাসীলৈ জ্ঞাপন কৰিছে ইংৰাজী নৱবৰ্ষৰ শুভকামনা ৷