উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰী সকলৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ এমপ্লইজ ইউনিয়নে পূৰ্ৱৰ দৰে পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত এতিয়াও অটল হৈ আছে। ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই জানিবলৈ দিয়া মতে ৰেলৱেৰ কৰ্মচাৰীৰ বাবে ১৯৭১ চনত পোন প্ৰথমবাৰৰ বাবে বোনাচৰ দাৱী উপস্থাপন কৰি ১৯৭৯ চনত বোনাচ আদায়, ভিন্ন সময়ত দৰমহা আয়োগে প্ৰদান কৰা দৰ্মহাৰ গাঠনিৰ সমস্যা সমাধান কৰা, সময় মতে দৰমহা আয়োগ গঠনৰ বাবে আন্দোলন, সাম্প্ৰতিক সময়ত ট্ৰেকমেনৰ বাবে আজিৰ দৰ্মহাৰ গাঠনি, ৰাণিং বিভাগৰ শ্ৰমিকৰ বাবে কৰি অহা ভিন্ন দাবী আৰু সুবিধা আদায়, স্বাস্থ্যৰ বাবে ভিন্ন হস্পিতাল ৰেফাৰেল কৰা, ইত্যাদিৰ দাবী কৰিছিল। নতুন ৰাষ্ট্ৰীয় পেন্সন নীতি বাতিল কৰি পুৰণ নীতি বাহালৰ অৰিৰত আন্দোলত এতিয়াও বাহাল আছে। যদিও কেন্দ্ৰীয় চৰকাৰে অলপতে ইউ পি এছ প্ৰবৰ্তন কৰিব বিচাৰিছে আমি তাতে ক্ষান্ত হোৱা নাই। পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাৱীত আন্দোলনৰ কাৰ্যসুচী হিচাপে ২০ ছেপ্টেম্বৰৰ পৰা জনমত গঢ়িবলৈ লিডুৰ পৰা কাটিহাৰলৈ প্ৰায় ১,২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মটৰ চাইকেল ৰেলী আৰম্ভ হৈছিল।
ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াৰ নেতৃত্বত উলিওৱা মটৰ চাইকেল ৰেলীটো ২২ ছেপ্টেম্বৰৰ নিশা গুৱাহাটীত আহি উপস্থিত হয়। তাৰপাছত ইউনিয়নৰ গুৱাহাটী শাখা, নিউ গুৱাহাটী শাখা, মালিগাঁৱৰ হেড কোৱাৰ্টাৰ শাখা, হেড কোৱাৰ্টাৰ মহিলা শাখা, একাউণ্টছ শাখাৰ সভাপতি – সম্পাদক সকলৰ নেতৃত্বত শতাধিক সদস্য – কৰ্মকৰ্তাই দলটোক আদৰণি জনায়। আনহাতে দলটোৱে নিশাটো গুৱাহাটীত কটোৱাৰ পাছত পিছদিনা দুপৰীয়া আজাৰা ৰেলৱে ষ্টেচন অভিমুখে যাত্ৰা কৰে। আনহাতে আজাৰাৰ পৰা বিয়লি পুনৰ ৰঙিয়া হৈ বঙাইগাঁও অভিমুখে যাত্ৰা আৰম্ভ কৰে। জানিব পৰা মতে দলটোৱে এটি নিশা কোকৰাঝাৰত অতিবাহিত কৰি পশ্চিমবংগ অভিমুখে যাত্ৰা কৰে। উল্লেখ্য যে বাইক ৰেলীত ইউনিয়নৰ বিভিন্ন পৰ্যায়ৰ শতাধিক কৰ্মকৰ্তা, সদস্যই ভাগ লৈছে।