অলপতে অইল কৰ্তৃপক্ষই আলফাই কূটাঘাত সংঘটিত কৰাৰ আশংকা ব্যক্ত কৰিছিল। অইল কৰ্তৃপক্ষৰ কূটাঘাত আশংকা সম্পৰ্কত আলফাই ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
তেওঁ জনাইছে যে, অইলত কূটাঘাত সংঘটিত কৰাৰ কোনো পৰিকল্পনা নাই আলফাৰ। অইলৰ আশংকাক আৰক্ষী, চোৰাংচোৱা বাহিনীৰ মনে সজা কাহিনী আখ্যা দিছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। অইলৰ বিষয়া, কৰ্মচাৰীকো অপহৰণৰ কোনো পৰিকল্পনা কৰা নাই আলফাই বুলি পৰেশ বৰুৱাই স্পষ্ট কৰি দিছে।