নিউজ ডেস্কঃ ‘কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ একেবাৰে চিন্তিত নহয় বিজেপি দল।’
-এই মন্তব্য বটদ্ৰৱা সমষ্টিৰ বিজেপি বিধায়িকা আঙুৰলতা ডেকাৰ।
শুকুৰবাৰে নিজ সমষ্টিৰ কেইটাও উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰি কংগ্ৰেছ আৰু এআইইউডিএফক কঠোৰ ভাষাৰে সমালোচনা কৰে বিধায়িকাগৰাকীয়ে।
কংগ্ৰেছ আৰু এআইইউডিএফক তেল-পানীৰ মিত্ৰতা আখ্যা দি আঙুৰলতা ডেকাই কয় যে যে যিদৰে তেল আৰু পানী কেতিয়াও মিল নাখায়, সেইদৰে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাও কেতিয়াও মিলি নাযায়।
আনহাতে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই বিজেপিৰ তৃণমূল পৰ্যায়ত কোনো প্ৰভাৱ নেপেলায় বুলিও মন্তব্য কৰে বিধায়িকাগৰাকীয়ে।
তেওঁ কয়, ‘বিগত চাৰে চাৰিটা বছৰত আমি দেখিছো কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ তৃণমূল পৰ্যায়ত একেবাৰে মিলাপ্ৰীতি নাই।
তেওঁলোকে পৃথকে পৃথকে সভা সমিতি কৰা আমাৰ পৰিলক্ষিত হৈ আহিছে। গতিকে তেওঁলোকৰ এই মিত্ৰতাত আমি মুঠেই শংকিত নহয়।
‘ বিৰোধীক কৌৰৱৰ সৈতে তুলনা কৰি আঙুৰলতা ডেকাই কয় যে কৌৰৱৰ এশজন হ’লেও পাণ্ডৱৰ ৫ জনেই যথেষ্ট।