নিউজ ডেস্কঃ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷অক্টোবৰৰ প্ৰথম সপ্তাহতে দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ৷
জানিব পৰা মতে,বন বিভাগৰ স্পীড ব’টেৰে পৰ্যটকে ব্ৰহ্মপুত্ৰ নদীত কলীয়া ভোমোৰাৰ পৰা শিলঘাট, তেজপুৰৰ গণেশ ঘাট আৰু বুঢ়া চাপৰিলৈ যাব পাৰিব৷
কিন্তু ৬৫ বছৰৰ ঊৰ্ধৰ আৰু ১০ বছৰৰ তলৰ কোনো পৰ্যটক প্ৰৱেশ কৰিব নোৱাৰিব ৰাষ্ট্ৰীয় উদ্যানখনত৷ সেই সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানত প্ৰেৱেশ কৰা পৰ্যটকৰ বাহন সমূহ প্ৰৱেশ দ্বাৰত চেনিটাইজড কৰা হ’ব৷ আনহাতে উদ্যানত প্ৰৱেশ কৰাৰ আগতে সকলো পৰ্যটকৰ শাৰীৰিক উত্তাপ পৰীক্ষা কৰা হ’ব৷