ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডে গ্ৰহণ কৰিলে নিৰ্বিনিয়োজনৰ প্ৰথমটো পদক্ষেপ ।
নুমলীগড় তেল শোধনাগাৰৰ অংশীদাৰিত্ব বিক্ৰীৰ সিদ্ধান্তত চূড়ান্ত অনুমোদন বি পি চি এলৰ ।
অলপতে প্ৰতিষ্ঠানটোৱে নুমলীগড় শোধনাগাৰত থকা ৬১.৬৫ শতাংশ অংশীদাৰিত্ব বিক্ৰীৰ সিদ্ধান্তত অনুমোদন জনায় ।
প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি নুমলীগড় শোধনাগাৰত থকা বি পি চি এলৰ অংশীদাৰিত্ব মাৰ্চ মাহত বিক্ৰী কৰিব অইল ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰক ।
বি পি চি এলৰ বিত্ত শাখাৰ সঞ্চালক এন বিজয়গোপালে কয় যে এন আৰ এলত থকা তেওঁলোকৰ ৪৮ শতাংশ অইল আৰু ইঞ্জিনীয়াৰ্চ ইণ্ডিয়া লিমিটেডে অধিগ্ৰহণ কৰাৰ বিপৰীতে ১৩.৬৫ শতাংশ অংশীদাৰিত্ব অসম চৰকাৰে অধিগ্ৰহণ কৰিব ।
বিষয়াগৰাকীয়ে লগতে কয় যে অহা ৩১ মাৰ্চৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব ।
উল্লেখ্য, নুমলীগড় শোধনাগাৰৰ পৰা বি পি চি এল আঁতৰি অহাৰ পিছত অসমৰ তৈল প্ৰতিষ্ঠানটোৱে নতুন ৰূপ পাব বুলি আশা কৰা হৈছে ।
২০২৪ চনৰ ভিতৰত এন আৰ এলৰ শোধন ক্ষমতা বছৰি ৩ নিযুত টনৰ পৰা ৯ নিযুত টনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ।
ইতিমধ্যেই প্ৰায় ২২,৫৯৪ কোটি টকা বিনিয়োগৰ পৰিকল্পনা গ্ৰহণ কৰিছে প্ৰতিষ্ঠানটোৱে ।
photo: google