কৰ্মচাৰীসকলক কিমান সুৰক্ষা প্ৰদান কৰিব পাৰে অইল ইণ্ডিয়া কোম্পানীয়ে?
এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন।
বিগত বৰ্ষৰ ডিচেম্বৰ মাহত কুইপৰ দুগৰাকী কৰ্মচাৰীক অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰি লৈ যোৱাৰ পিছত অইল কোম্পানী বা কোম্পানীৰ সৈতে সংলগ্ন হৈ থকা ব্যক্তিগত অইল কোম্পানীসমূহে কিমান সুৰক্ষা প্ৰদান কৰিব পাৰে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে।
অইলৰ দুজন কৰ্মচাৰীক অপহৃত ঘটনাৰ পিছতে কৰ্মচাৰীসকলৰ জীৱনলৈ আহিছে এক ভাবুকি।
নিজৰ নিজৰ নিৰাপত্তাৰ খাতিৰত চাকৰি এৰি পলায়ন কৰিছে নিজ বাসগৃহলৈ।
এই কথা আমাৰ নহয় এই ভাষ্য খোদ অইল ইণ্ডিয়াৰ অধীনত থকা ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ।
অইল ইণ্ডিয়াৰ এগৰাকী কৰ্মচাৰী আৰু ঠিকাভিত্তিক ২ কৰ্মচাৰীয়ে অভিযোগ উত্থাপন কৰিছে যে,
এনেধৰণৰ ঘটনাটো সংঘটিত হোৱাৰ পিছটো বিভাগৰ উচ্চপদস্থ বিষয়াসকলে পালন কৰিছে নীৰৱ ভূমিকা।
ইয়াৰ ফলস্বৰূপে কোম্পানীৰ কৰ্মচাৰীসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ ক্ষোভৰ।
“তেওঁলোকক কোৱা হয় যে যেতিয়া তেওঁলোকে ফিল্ডত কামৰ বাবে যায়, তাত যদি কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় তাত যাতে তেওঁলোকে কোনোধৰণে হস্তক্ষেপ নকৰে।
যদিও মাৰিও পেলাই তেন্তে কোনোধৰণৰ প্ৰতিবাদ নকৰিবলৈ সকিয়নী প্ৰদান কৰা হয় তেওঁলোকক।
লগতে কৰ্মচাৰীজনে কলে যে উচ্চপদস্থ বিষয়াসকলক নিয়ন্ত্ৰণ কৰি আছে চৰকাৰে,
যাৰ বাবে বিষয়াসকলেও কৰ্মচাৰীসকলৰ হকে মাত এষাৰ মাতিব নোৱাৰে।”- Headlin8ৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এই মন্তব্য প্ৰদান কৰে এগৰাকী কোম্পানীৰ কৰ্মচাৰীয়ে।
লগতে আন এজন ঠিকাভিত্তিক কৰ্মচাৰীয়ে ক’লে যে, তেওঁলোকেও নিৰাপত্তা বিচাৰে আৰু এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিব বিচাৰিলেও খুলিব নোৱাৰে।
কাৰণ তেওঁলোকৰ ভয় থাকে চাকৰি হেৰুৱাব বুলি।
চাকৰি হেৰুৱাৰ ভয়ত মনৰ মাজতে ৰাখি থৈ দিয়ে মনৰ কথা।
লগতে তেওঁ এই অভিযোগো উত্থাপন কৰে যে, তেওঁলোকক কেতিয়াবা এনেধৰণৰ স্থানলৈ প্ৰেৰণ কৰা হয় যে, য’ত তেওঁলোকৰ মোবাইলত নেটৱৰ্কৰো অভাৱ হয়।
যাৰ বাবে তেওঁলোকে বহু দিনলৈ পৰিয়ালৰ সৈতে যোগাযোগ কৰাৰ পৰাও বিৰত থাকে।
আন এজন কৰ্মচাৰীয়ে জনোৱা অনুসৰি, উচ্চপদস্থ বিষয়াসকলে আমাক যেতিয়ালৈ গুৰুত্ব সহকাৰে নলয় তেতিয়ালৈ এই সমস্যা সমাধান কৰিব পৰাটো সপোনৰো অগোচৰ।
Photo: Google