আজি বিশ্ব এইডছ দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এখনি মুকলি সভাৰ আয়োজন কৰা হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা ।
২০২০ চনৰ বিশ্ব এইডছ দিৱসৰ শ্ল’গান হ’ল বিশ্ব একতা, দায়িত্ব আৰু সমভাগীতা। ৰাতিপুৱা এটা এইডছ সজাগতা যাত্ৰা উলিওৱা হয়। এইডছ দিৱসৰ লগত সংগতি ৰাখি এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।
ভাষণত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে এইবোৰৰ ক্ষেত্ৰত ৰাইজ সাৱধান হব লাগে। এইডছকৰ যিদৰে কোনো প্ৰতিষেধক নাই ঠিক তেনেদৰে ক’ভিড-১৯-ৰ এতিয়ালৈ কোনো প্ৰতিষেধক নাই৷ এইবোৰৰ ক্ষেত্ৰত অধিক সাৱধান হ’ব লাগিব। এইচআইভি পজিটিভ ব্যক্তি সকলক সঁহাৰি দিব লাগে।