মৰিয়নীত নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷
দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী স্কুটীচালক ৷
মৰিয়নীৰ নকচাৰীৰ ধোদৰ আলিত সংঘটিত হৈছে দুৰ্ঘটনাটো ৷
তীব্ৰ বেগত আহি থকা এখন স্কুটী নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাঁতিত এজোপা গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷
জানিব পৰা অনুসৰি, দেৱৰাপাৰ চাৰি আলিৰ পৰা চুঙি লাহিঙৰ দিশে আহি আছিল এ এছ ০৩ ইউ ২০৩৩ নম্বৰৰ স্কুটিখন ৷
দুৰ্ঘটনাত নিহত হয় ভূৱন গগৈ নামৰ স্কুটীচালক জন আৰু আৰোহী লক্ষী গগৈ সামান্য আঘাতপ্ৰাপ্ত হয় ৷
নিহত লোকজনৰ ঘৰ নকছাৰীৰ দৰকীয়াল গাঁৱত বুলি জানিব পৰা গৈছে ৷