নিউজ ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীয়ে প্ৰায়ে মানুহৰ ঘৰ-দুৱাৰ, খেতিপথাৰৰ অনিষ্ট কৰি আহিছে। আনহাতে বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণো হেৰুৱাই আহিছে বহুজনে। শেহতীয়াকৈ কামৰুপ জিলাৰ বকোতো বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ ঘটনাই শোকৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, সোমবাৰে পুৱতি নিশা বকো থানাৰ অন্তৰ্গত ঘিলাবাৰী গাঁৱত প্ৰৱেশ কৰে এটা বন্যহস্তী। হাতীটোৱে গাঁওখনৰ ৰবীন খাখলাৰী নামৰ ব্যক্তিজনৰ ঘৰত প্ৰৱেশ কৰি ভঁৰালৰ ধান খাই তহিলং কৰে। সেই সময়ত বন্য হস্তীটোক খেদি পঠিয়াবলৈ চেষ্টা কৰোতেই হাতীৰ আক্ৰমণত গৃহস্থ ৰবীন খাখলাৰী (৫০)ৰ থিতাতে মৃত্যু ঘটে। বনৰীয়া হাতীটোৱে গাঁওখনৰ কেইবাটাও ঘৰ-দুৱাৰৰো ক্ষতিসাধন কৰে।