ৰাজ্যত বনজ সম্পদৰ ধ্বংস আৰু কয়লাৰ অবৈধ খননৰ তদন্তৰ বাবে এজনীয়া তদন্ত আয়োগ গঠন কৰিছে ৰাজ্যপাল জগদীশ মুখীয়ে ৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কটকীক লৈ গঠন কৰিছে এজনীয়া আয়োগ ৷
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান,টিপং সংৰক্ষিত বনাঞ্চলকে ধৰি লিডুৰ কয়লা খনি,বৰগলাইৰ কয়লা খনি,
লেখাপানী বনাঞ্চলৰ সমীপৰ অবৈধ কয়লা খননৰ সন্দৰ্ভত উত্থাপিত অভিযোগৰ তদন্ত কৰিব আয়োগে ৷
১৯৫২ ৰ কমিচন অৱ ইনকুৱাৰী এক্টৰ অধীনত গঠিত এই তদন্ত আয়োগে বিভিন্ন পক্ষৰ শুনানি গ্ৰহণ কৰিব ৷
অহা ৮ মাৰ্চ আৰু ৯ মাৰ্চত শুনানি গ্ৰহণ কৰিব মাৰ্ঘেৰিটা ডেভলপমেণ্ট কনফাৰেন্স হলত ৷
লগতে উক্ত ঠাইসমূহ পৰিদৰ্শন কৰিব কমিটিয়ে ৷
পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া এই শুনানিত মৌখিত বা লিখিতভাৱে অভিযোগনামা দাখিল কৰাৰ লগতে স্মাৰক পত্ৰ জমা দিব পাৰিব অভিযোগকাৰীয়ে ৷
photo: google