গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া মইনাখোৰোংস্থিত শ্ৰী শ্ৰী কৃষ্ণ গীতা মন্দিৰ প্ৰাংগনত মন্দিৰৰ সৌজন্যত পালন কৰি অহা পামহী আঞ্চলিক ৰাস মহোৎসৱৰ এইবেলি ২৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে উলহ – মালহৰে ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী উদযাপন কৰা হব। সেই অনুসৰি অহা ১৫ নৱেম্বৰৰ পৰা ২৫ নবেম্বৰলৈ ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিশিষ্ট সমাজকৰ্মী দীপক চন্দ্ৰ বড়োক (কুলি) সভাপতি, উৎপল কুমাৰ দাসক কাৰ্যকৰী সভাপতি, বলেশ্বৰ ৰংপী আৰু জয়ন্ত টুমুঙক সাধাৰণ সম্পাদক, ধীৰাজ টুমুং আৰু পুনাল বড়োক উপ সভাপতি হিচাপে লৈ এখন কাৰ্যকৰী সমিতি , কেবাখনো উপ সমিতি গঠন কৰা হৈছে।
আনহাতে ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এইবেলি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হব। যিসকল লেখক – লেখিকাই স্মৃতিগ্ৰন্থত নিজৰ লেখনি প্ৰকাশ কৰিব বিচাৰে তেওঁলোকক ৰাস বা শ্ৰীকৃষ্ণৰ মাহাত্ম্য সম্পৰ্কীয় প্ৰবন্ধ, গল্প, কবিতা বা আন তেনে ধৰণৰ লিখনি অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি দিলীপ কুমাৰ ফাংছ ( ৮৬৮৩২৫৪৮১২ ) বা মূখ্য সম্পাদক দুৰ্লভ কাথাৰৰ ( ৯৮৫৪৭৪৬৪৩০ ) ৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।