২ ডিচেম্বৰ, বুধবাৰে মহানগৰীৰ জি.এছ. ৰোডৰ এবিচি (ABC) ত জিলা পৰিবহণ বিভাগৰ দ্বাৰা এক সজাগতামূলক অনুষ্ঠান আয়োজিত কৰা হয়। অনুষ্ঠানটোত উপস্থিত থাকি জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে যিবোৰ বাহনৰ মালিকে এতিয়ালৈকে কৰ প্ৰদান কৰা নাই, তেনেবোৰ গাড়ীৰ গৰাকীক ৩১ মাৰ্চৰ ভিতৰত গাড়ীৰ কৰ সমূহ প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷
লগতে “যান বাহন কৰ পৰিশোধ কৰক ,পৰিবহণ ব্যৱস্থা সুচল কৰক,যান বাহন কৰ পৰিশোধ কৰি ৰাজ্যৰ অৰ্থনৈতিক ভেটি সৱল কৰি তোলাৰ বাবে অংশীদাৰ হওঁক ” শীৰ্ষক শ্ল’গান কৰে পৰিবহণ বিষয়াগৰাকীয়ে ৷ ইয়াৰ উপৰিও ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ অৰ্থে বাহন চলোৱা সময়ত ল’ব লগা সাৱধানতাসমূহক “পঞ্চসূত্ৰ” নামাকৰণ কৰি পঞ্চসূত্ৰসমুহ ৰাইজক অৱগত কৰায় ৷
এই পঞ্চসূত্ৰবোৰ এনেধৰণৰ
তীব্ৰ গতি পৰিহাৰ কৰক দুৰ্ঘটনা এৰাই চলক
সুৰাপান কৰি গাড়ী/বাইক নচলাব
গাড়ী চলাই থাকোতে ম’বাইল ব্যৱহাৰ নকৰিব
গাড়ী চলাওতে সদায় ছিট বেল্ট ব্যৱহাৰ কৰক আৰু সুৰক্ষিত থাকক
দুচকীয়া বাহন চলাওতে সদায় হেলমেট পৰিধান কৰক