অসম সাহিত্য সভাৰ আহ্বান মৰ্মে বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত বৃহস্পতিবাৰে সন্ধিয়া পাণ্ডু সদিলাপুৰ পশ্চিম খণ্ড জনকল্যাণ সমাজৰ ধূনী জ্বলোৱা প্ৰাঙ্গণত প্ৰথমবাৰৰ বাবে অসমৰ বাপতি সাহোন কাতি বিহু উদযাপন কৰা হয়। তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰি কাতি বিহুৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ভকত বাবুল চন্দ্ৰ দাসে। এই উপলক্ষে বিশ্ব ৰত্ন ডঃ ভূপেন হাজৰিকা স্বৰ্ণ শাখা সাহিত্য সভাৰ স্থায়ী সভাপতি হৃষিকেশ দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত ব্যয়োজ্যেষ্ট সকলক একোখনকৈ ফুলাম গামোচাৰে সম্বর্দ্ধনা জনোৱা হয়। অনুষ্ঠানত কাতি বিহুৰ ওপৰত ভাষণ প্ৰদান কৰে বিশিষ্ট সাহিত্যিক প্রমোদ চন্দ্ৰ দাসে।
অনুষ্ঠানত ভাগ লৈ ভাষণ প্ৰসংগত পাণ্ডু সাহিত্য সভাৰ সভাপতি মুকুট চন্দ্র দাস আৰু শাখা সভাৰ অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি হৰেন চন্দ্র দাসেও কাতি বিহু পালন কৰা সন্দৰ্ভত তাৎপৰ্য দাঙি ধৰে । অনুষ্ঠানত নাম প্রসঙ্গ- কৰে সমাজকৰ্মী হিতেশ ডেকাই। শেষত প্ৰসাদ বিতৰণৰ লগতে অসমীয়া পিঠা পনা আৰু জলপান সমূহীয়া ভাবে গ্ৰহণৰে কাতি বিহুৰ কাৰ্যসূচীৰ সামৰণি পৰে। উল্লেখ্য যে কাৰ্যসূচীত অৰ্দ্ধ শতাধিক লোক উপস্থিত আছিল।