নিউজ ডেস্কঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন ছাত্ৰনেতা ড০ পৰমানন্দ ৰাজবংশীয়ে অচিৰেই আঞ্চলিক দল অসম গণ পৰিষদত যোগদান কৰিব । বৃহস্পতিবাৰে মঙলদৈ সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা সাম্প্ৰতিক ৰাজনৈতিক দিশৰ ওপৰত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত এই ইংগিত প্ৰদান কৰে সাহিত্যিক – সংগঠক ড০ ৰাজবংশীয়ে । জিলাখনৰ একাংশ বচা বচা বিশিষ্ট ব্যক্তিৰে হোৱা পৰ্যালোচনা সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীয়ে ৰাজ্যৰ সাম্প্ৰতিক জটিল পৰিস্থিতিত অসম আন্দোলনৰ পটভূমিত গঠন হোৱা আঞ্চলিক দল অগপৰ বিকল্প নাই বুলি মন্তব্য কৰে ।
দৰঙীয়াই যি কৰিবলৈ কয় আহি থকা দিনত দৰঙীয়াক লগতলৈ তাকেই নিষ্ঠাৰে কৰি যোৱাৰ চেষ্টা কৰিব বুলি প্ৰকাশ কৰি নিজৰ গৃহ সমষ্টি ছিপাঝাৰ নাইবা আন সমষ্টিত দলে প্ৰাৰ্থীত্ব দিলে জাতীয় সত্বা অক্ষুণ্ণ ৰাখি লোক কলাকৃষ্টি অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে জিলাখনক উজ্বলাই তোলাৰ কথাও ৰাজহুৱা কৰে সংগঠক ডo পৰমানন্দ ৰাজবংশীয়ে। জিলা সাহিত্য সভাৰ সভাখনৰ পিছত ৰাজবংশীয়ে জিলা অগপৰ কাৰ্যালয়লৈ গৈও জিলা অগপৰ বিষয়ববীয়াৰ লগত মত বিনিময় কৰে৷
গোপন সূত্ৰে জানিব পৰা মতে ড০ ৰাজবংশীয়ে অগপত যোগদান কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছৰে পৰা ছিপাঝাৰ আৰু কলাইগাঁও সমষ্টিত অগপৰ টিকট প্ৰত্যাশী সকলৰ মাজতো একপ্ৰকাৰ শীতল ধুমুহাৰ সৃষ্টি হৈছে । যদিহে ৰাজবংশীয়ে ছিপাঝাৰ সমষ্টিত অগপৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয় তেন্তে বিগত তিনিটা কালত বিজেপিৰ দখলত থকা ছিপাঝাৰ সমষ্টিটো অগপই নিজৰ দখললৈ অনাৰ বাবে কেনেধৰণৰ ৰণকৌশল অৱলম্বন কৰিব সেইটো নিশ্চয় লক্ষণীয় হব। লগতে কলাইগাঁও সমষ্টিত অৱতীৰ্ণ হলে কি ফল আহিব সেয়া সময়তহে পৰিস্ফুট হব । এইক্ষেত্ৰত ড০ পৰমানন্দ ৰাজবংশীৰ ৰণকৌশল নিশ্চয় তাৎপৰ্যপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ।