নিউজ ডেস্কঃ লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপন আৰু ডিব্রু ছৈখোৱা ৰাষ্ট্রীয় উদ্যান সংৰক্ষণৰ বাবে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজ্যিক মন্ত্ৰী যোগেন মহন, বিধায়ক বিনোদ হাজৰিকা, মুখ্য সচিব অবিনাশ যোশী,মুখ্য বন সংৰক্ষক এ এম সিং,অমিত সাহয় সহ অনান্য কৰ্মকৰ্তাসকলৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।
বৈঠকত উত্থাপিত বিষয়সমূহৰ সমাধানৰ বাবেও কিছু গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰা হয় । সেইসমূহ হল-
১. লাইকাবাসীৰ পুনৰ সংস্থাপনৰ বাবে পাহাৰপুৰ আৰ এফ (১৬৬ হেক্টৰ) আৰু নামফাই আৰ এফ (৭২ হেক্টৰ) ভূমিৰ পৰ্যালোচনা কৰা ।
২.দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ বাবে লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলৰ ১৩৫ হেক্টৰ ভূমিৰ পৰ্যালোচনা কৰা।
৩. গাঁওবাসীৰ পূৰ্বৰ তথা পৰৱৰ্তী সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ অগ্ৰাধিকাৰ প্ৰদান কৰা হব ।
৪. প্ৰস্তাৱিত ভূমিৰ পৰিদৰ্শন আৰু পৰ্যবেক্ষণৰ বাবে উপ-সমিতি গঠন ।