নিউজ ডেস্কঃ নতুন বছৰৰ পহিলা দিনটোতে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি কৰা হয় ৷ এক নিৰ্দেশনা যোগে গুৱাহাটীৰ জইন্ট কমিছনাৰ দেৱৰাজ উপাধ্যায়ক একে স্থানতে Join commissioner of police (অপৰাধ, আইন আৰু শৃংখলা)ৰ দায়িত্ব দিয়া হৈছে। ঠিক সেইদৰে –
• আবু ধাবিৰ ভাৰতৰ উচ্চায়োগৰ ফাৰ্ষ্ট চেক্ৰেটাৰী সুনীল কুমাৰক অসম আৰক্ষীৰ ডিআইজিপি (DIGP)-ৰ দায়িত্বভাৰ দিয়া হৈছে।
• কামৰূপৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তক গুৱাহাটীৰ ডিআইজিপি (DIGP(AP) ৰ দায়িত্ব দিয়া হৈছে।
• ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা (IPS)-ক যোৰহাটৰ এছবি অৰ্থাৎ SB(EZ) কেম্পৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।
• পুলিচ কমিছনাৰেট, গুৱাহাটীৰ অতিৰিক্ত ডিচিপি শুভ্ৰজিৎ বৰাক পদোন্নতিসহ কোকৰাঝাৰৰ চাৰিখোলাস্থিত সপ্তম অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেন্ট পদলৈ বদলি কৰা হৈছে।
• নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মীনা (IPS)ক ওদালগুৰিৰ খাজুৱাবিলৰ তৃতীয় এটিপিএফ বেটেলিয়নৰ কমাণ্ডেন্টৰ দায়িত্ব দিয়া হৈছে।
• কোকৰাঝাৰৰ চাৰিখোলাস্থিত সপ্তম অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেন্ট মনমোহন বড়ো (APS)ক BI(EO-1) ৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।
• নগাঁও বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেন্ট হিতেশ চন্দ্ৰ ৰয়ক কামৰূপৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।
• অসম আৰক্ষীৰ AIGP(Logistics) ধৰ্মেন্দ্ৰ কুমাৰ দাসক DCP(ops) ৰ দায়িত্ব দিয়া হৈছে।
• যোৰহাটস্থিত SB(EZ) ৰ আৰক্ষী অধীক্ষক লীনা দলেক গুৱাহাটীৰ SB(Z) ৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
• কোকৰাঝাৰৰ গোসাঁইগাঁৱৰ মহকুমা আৰক্ষী বিষয়া সিদ্ধাৰ্থ বৰগোঁহাইক বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।
• সৰুপথাৰৰ মহকুমা আৰক্ষী বিষয়া পংকজ যাদৱক কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব দি বদলি কৰা হৈছে।
• মাইবঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুষ্কিন জৈনক নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।
• বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও ডুংগেলক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে।
• কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিৰঞ্জন নাথক কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।
• সেইদৰে, নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে।