নিউজ ডেস্কঃ ওচৰতে অৱস্থিত আৰক্ষী চকী ৷
কিছু নিলগত আছে জেব্ৰা ক্ৰছিং ৷
![](https://headline8.in/as/wp-content/uploads/2021/01/57b748d8-6b3f-471e-9ce6-7bcd46ad372f.jpg)
তালৈ কোনো ভ্ৰক্ষেপ নাই কিছু সংখ্যক পথচাৰীৰ ৷
আৰক্ষীৰ চকুত ধূলি মাৰি ৰেলিঙৰ ওপৰেৰে ৰাস্তা পাৰ হৈ গৈ আছে পথচাৰী ৷
![](https://headline8.in/as/wp-content/uploads/2021/01/70fe4fd7-1286-4b70-8a80-f5a1e488c995.jpg)
সম্ভৱতঃ সময়ৰ অভাৱ কিছুসংখ্যক মানুহৰ ৷এয়া কোনো দেশ-বিদেশৰ ঘটনা নহয় ৷
এয়া অসমৰ গুৱাহাটী মহানগৰৰ ফাঁচী বজাৰৰ দৃশ্য ৷
![](https://headline8.in/as/wp-content/uploads/2021/01/33e6f117-3c31-4bb1-855d-b95aa74373e0.jpg)
প্ৰায়ে কিছুসংখ্যক পথচাৰীয়ে এনেকৈ ৰেলিঙৰ ওপৰেৰে পাৰ হৈ যোৱা দেখিবলৈ পোৱা যায় ৷
ব্যস্ততাৰ বোজাত ডিঙিলৈকে পোত খোৱা এইসকল ভদ্ৰ লোকক যদি কেনেবাকৈ পথত চলি থকা বাহনে খুন্দিয়াই থৈ যায় তেতিয়া দোষ হ’ব কাৰ ?
পৰাপক্ষত দোষ কিন্তু এওঁলোকৰ নহয় ৷
ট্ৰেফিক নিয়ম-কানুন পৰিহাৰ কৰা এইসকল ভদ্ৰলোকৰ মুখত ফুটে আকৌ অধিকাৰৰ কথা ৷
এই সকল ভদ্ৰলোকেই আমাৰ সমাজৰ আইন-কানুনৰ লগতে শৃংখলাবদ্ধতা ভংগ কৰি আহিছে ৷