নিউজ ডেস্কঃ গোৱাত বাস কৰা অসমীয়াই উদযাপন কৰিলে হেঁপাহৰ ভোগালী বিহু ৷
‘আছাম ছ’চাইটি অৱ গোৱাৰ’ উদ্যোগত উদযাপন কৰিলে মাঘ বিহু ৷
পৰম্পৰা ৰক্ষা কৰি মাঘ বিহু পালন কৰিলে তেওঁলোকে ৷
অসমীয়াৰ বাপতি সাহোন বিহুটিৰ ঐতিহ্য পৰম্পৰা ধৰি ৰখাৰ প্ৰতি সচেতন এইসকল অসমীয়া ৷
উৰুকাৰ নিশা গোৱাত বসবাস কৰা সকলো অসমীয়া লগ হৈ ফুৰ্তিৰে এসাঁজ খোৱাৰ লগতে বিহুও নাচিলে তেওঁলোকে ৷
পুৱা মেজি জ্বলাই অগ্নি সেৱা কৰে, উঠি অহা প্ৰজন্মক বিহুটিৰ ঐতিহ্যৰ সৈতে চিনাকি কৰাই দিছে এইসকল অসমীয়াই ৷