নিউজ ডেস্কঃ আগন্তুক অসম বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা নাম বাদ পৰা সকলেও ভোটদান কৰিব পাৰিব।
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই বুধবাৰে এই মন্তব্য কৰাৰ পিছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
বিভিন্ন দল-সংগঠনে মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ এই ঘোষণাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, অসম ভ্ৰমণত থকা দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই ২০১৯ৰ ২৯ আগষ্টৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা এখন জাননীৰ উদ্ধৃতি দি কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা সকলক বিদেশী বুলি ঘোষণা কৰা হোৱা নাই।
গতিকে যাৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাই, তেওঁলোকেও আগন্তুক অসম বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব।
প্ৰণিধানযোগ্য যে, ২০১৯ৰ ৩০ আগষ্টত অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছিল। য’ত প্ৰায় ১৯.০৬ লাখ লোকৰ নাম তালিকাৰ পৰা বাদ পৰিছিল।